অসমত বান নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ১২৫ কোটি টকা মুকলি!

Assam Flood

কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰালয়ে চলিত বিত্তীয় বৰ্ষৰ বাবে বান নিয়ন্ত্ৰণ পুঁজিৰ পৰা অসমলৈ ১২৫ কোটি টকা মুকলি কৰে।

চলিত বিত্তীয় বৰ্ষৰ বাবে বান নিয়ন্ত্ৰণ পুঁজিৰ পৰা ১২৫ কোটি টকা মুকলি কৰাৰ সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ শুকুৰবাৰে নতুন দিল্লীত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ সৈতে সাক্ষাৎ কৰে অসমৰ জল সম্পদ মন্ত্ৰী পিজুশ হাজৰিকাই।

ইফালে, অসমক বানপানীৰ বিপদৰ পৰা মুক্ত কৰিব পৰা প্ৰকল্পসমূহত সহায় কৰিবলৈ অনাগত দিনত এই আঁচনিৰ অধীনত অধিক পুঁজি যোগান ধৰিবলৈও হাজাৰিকাই শ্বেখাৱতক আহ্বান জনায়।

তেওঁ লগতে কয় যে পূৰ্বৰ চৰকাৰে কৰা অনিয়মৰ বাবে ২০১৬ চনৰ পৰা আঁচনিখনৰ অধীনত কেন্দ্ৰীয় পুঁজি বন্ধ কৰি দিয়া হৈছে।

মন্ত্ৰী পিজুশ হাজৰিকাই কয় যে, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে জল শক্তি মন্ত্ৰালয়ে এই বছৰ পুঁজি মুকলি কৰিছে।"

বাৰিষা ঋতুত নদীসমূহত পানীৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে, ৰাজ্য প্ৰশাসনে নদীৰ ওচৰত পুখুৰী সৃষ্টিৰ বাবে এক ব্যাপক প্ৰচেষ্টা আৰম্ভ কৰাৰ পৰিকল্পনা কৰাৰ কথাও জনায়।

Category
Profile picture for user UB Photos