সাৱধান হওঁক আপুনিও! GMCHলৈ গ’লে পৰিব পাৰে প্ৰৱঞ্চকৰ জালত

GMCH HOSPITAL

পুনৰ GMCHত দালাল, GMCHৰ ভিতৰত ঘূৰি ফুৰিছে একাংশ প্ৰৱঞ্চক দালাল চক্ৰ।

বুধবাৰে নিশা GMCHত পুনৰ হাতে-লোটে ধৰা পৰিল ৰঞ্জন দত্ত নামৰ এটা দালাল। ৰোগীৰ পৰিয়ালে ধৰি ভঙাগড় থানাত গতাই দিলে দালাল ৰঞ্জন দত্তক।

দীৰ্ঘদিনৰ পৰা আইচিইউ, কেবিন, ব্লাড, ৰিপ’ৰ্ট কাৰ্ড দিয়াৰ নামত ৰোগীৰ পৰা ৩০০০/৪০০০ টকাকৈ ধন সৰকাই আহিছিল ৰঞ্জন দত্তই। 

এই ঘটনাক লৈ জিএমচিএছৰ অধীক্ষক অভিজিৎ শৰ্মাই কয়, ‘‘ৰাইজ সজাগ নহ’লে এনে ধৰণৰ ঘটনা জিএমচিএইচত সংঘটিত হৈ থাকিব। দালালক জিএমচিএইচত প্ৰশ্ৰয় নিদিবলৈ আহ্বান। জিএমচিএইচ কৰ্তৃপক্ষই গতাই দিয়াৰ পিছতো উচিত শাস্তি দিব পৰা নাই আৰক্ষীয়ে। ভাল ধাৰা লগাব নোৱাৰাৰ বাবে দুদিন পিছত ওলাই আহে দলালবোৰ। বিভিন্ন প্ৰবঞ্চনাৰ অভিযোগত এই বছৰত ১৫৭টা গোচৰ ৰুজু কৰিছে জি এম চি এইচে। ১৫ দিনত চাৰিটাকৈ জি এম চি এইচত প্ৰবঞ্চক গ্ৰেপ্তাৰ কৰা হৈছে।’’

Category
Profile picture for user UB Photos