এফালে অবৈধ গৰুৰ ব্যবসায়ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী! সেইখন সমষ্টিতেই এতিয়া চলিছে গৰুৰ বেহা!

Cow Smuggler

ৰাজ্যজুৰি এতিয়াও অব্যাহত আছে অবৈধ গৰুৰ মুকলি বেহা।

যি সময়ত অবৈধ গৰুৰ ব্যবসায়ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী  হৈছে কথোৰ, তেনে সময়তে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতেই অবাধে চলিছে গৰুৰ বেহা।

আমিনগাঁও আৰক্ষী চকীৰ পিছফালে বছৰ বছৰ ধৰি অবৈধ গৰুৰ ব্যবসায় চলি অহাৰ পিছতো নিৰব আমিন গাঁও আৰক্ষী। কোনো ধৰনৰ বিভাগীয় নথি পত্ৰ, কেটল পাৰ্মিট, লাইফ ষ্টোক পাৰ্মিট আৰু সুৰক্ষা ব্যৱস্থা নোহোৱাকৈ দৈনিক সৰবৰাহ হৈ আহিছে শ শ গৰু।

কামৰূপ আৰক্ষীৰ শীৰ্ষ মহলৰ লগতে আমিন গাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তন্ময় নাথক অবগত কৰাত কোনো গুৰুত্বই নিদিলে। নৈৰ পাৰৰ ৰেল'ৱে ভুমিত ঘৰ সাজি অসাধু চক্ৰই চলাই আহিছে অখণ্ড প্ৰতাপ।

আমিনগাঁৱৰ পৰা আৰক্ষীৰ সমুখেৰে যোৰাবাট আৰু মেঘালয়লৈ সৰবৰাহ হয় অবৈধ গৰু। একাংশ পৰিচয়হীন বিহাৰৰ অসাধু লোকে এনেধৰণৰ অসাধু ব্যবসায় গঢ়ি তুলিছে আৰু এই কায্যত আমিন গাঁও আৰক্ষীয়ে সহযোগ কৰাৰ অভিযোগো উন্থাপিত হৈছে।

উল্লেখ্য় যে, অভিযোগ মতে আমিনগাঁৱত দীৰ্ঘদিনৰ পৰাই জনৈক নন্দু আৰু ৰাজা নামৰ দুই গো ব্যবসায়ীৰ নেতৃত্বত চলিছে অবৈধ গৰুৰ মুকলি বেহা। কাৰ বলত বলীয়ান হৈ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে অবৈধ গৰুৰ মুকলি বেহা চলাইছে গো-মাফিয়া নন্দু আৰু ৰাজাই এই লৈ এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে।

আজি সাংবাদিকক চোচা লোৱা ঘটনাৰ পিছতে বছৰ বছৰ ধৰি আমিন গাঁও আৰক্ষীয়ে ৰহস্যজনক ভুমিকা গ্ৰহণ কৰাৰ কথাও চৰ্চালৈ আহিছে ।  

Category
Profile picture for user UB Photos