পুনৰ সভ্য সমাজক লজ্জ্বানত কৰিলে এজন বিবাহিত লম্পটে! প্ৰেমৰ চলনাৰে ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণ

Baksa Rape Case

ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জ্বানত কৰা ঘটনা সংঘটিত হৈছে। 

বাক্সাৰ বাগানপাৰাৰ বৰিকাদঙাত এগৰাকী বিবাহিত লম্পটে প্ৰেমৰ চলনাৰে ১৫ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ উত্তেজিত ৰাইজে ধৰ্ষনকাৰী পাষণ্ড প্ৰদীপ দাসক উত্তম মাধ্যম সোধাই বৰবৰী আৰক্ষীক গতাই দিয়ে।

উল্লেখ্য় যে, নলবাৰীৰ লাউদলৰ বাসিন্দা প্ৰদীপ দাসে গাড়ীৰ হেণ্ডিমেনৰ সূত্ৰে কিশোৰী গৰাকীৰ সৈতে চিনাকী হৈছিল।

জানিব পৰা মতে ধৃত লম্পটটোৱে দীৰ্ঘদিন ধৰি কিশোৰী গৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰি আহিছিল।

বৰবৰী আৰক্ষীয়ে ইতিমধ্যে অধিক তথ্যৰ বাবে প্ৰদীপ দাসক জেৰা অব্যাহত ৰাখিছে। প্ৰদীপ দাসৰ শাস্তিৰ দাবীত বৰবৰী আৰক্ষী থানাত উত্তেজিত স্থানীয় ৰাইজে ভীৰ কৰে।

Category