GMC Election: ভোটাৰৰ ক্ৰমিক নম্বৰক লৈ ব্যাপক বিসংগতি

gmc election

আজি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। পুৱা ৭.৩০ বজাৰ পৰা মহানগৰীৰ ৱাৰ্ডে-ৱাৰ্ডে আৰম্ভ হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোট দিবলৈ পুৱাতেই ওলাই আহিল মহানাগৰিক।

পুৱাৰ পৰা বিভিন্ন ভোটকেন্দ্ৰত ভিৰ কৰিছে ভোটাৰে। পিছে ঠায়ে ঠায়ে ভোটাৰৰ ক্ৰমিত নম্বৰকলৈ বিসংগতি হোৱাও পৰিলক্ষিত হৈছে।

ভোটকেন্দ্ৰৰ তালিকাৰ সৈতে মিল নাই ৰাজনৈতিক দলে দিয়া তালিকাৰ। জিলা নিৰ্বাচনী বিষয়াই প্ৰদান কৰা তালিকাত ধৰা পৰিছে এনে বিসংগতি। ফলত  ভোটৰ ক্ৰমিক নম্বৰ সমস্যাক লৈ বহুতে দিব পৰা নাই ভোট।

জানিব পৰা মতে, বহু লোকে ভোট নিদিয়াকৈ ওলাই অহাৰো অভিযোগ উত্থপিত হৈছে।

হেঙৰাবাৰী মজলীয়া বিদ্যালয় ভোটকেন্দ্ৰত দেখা দিছে এই সমস্যাই।

Category