অসম-মেঘালয়ৰ সীমা বিবাদৰ অন্ত। ৫০ বছৰ ধৰি দুয়োখন ৰাজ্যৰ সীমাক কেন্দ্ৰ কৰি চলি অহা সংঘাতে পালে এক নতুন ঠিকনা। অন্ত হোৱাৰ দিশে অসম-মেঘালয়ৰ সীমা বিবাদ।
৫০ বছৰৰ অন্তত মঙলবাৰে বিয়লি ৩.৩০ বজাত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত স্বাক্ষৰিত হ’ল (MOU)বুজাবুজি চুক্তি।
A historic occasion for people of Assam & Meghalaya as I signed MoU with Shri @SangmaConrad ji in the presence of Adarniya Griha Mantri @AmitShah ji to resolve the 50-year-old boundary issue in 6 areas of difference.
— Himanta Biswa Sarma (@himantabiswa) March 29, 2022
We are confident to resolve the remaining 6 areas too soon. pic.twitter.com/YLAt3qLhLJ
দিল্লীত গৃহমন্ত্ৰীৰ কাৰ্যালয়ত MOU(Memorandum of Understanding) স্বাক্ষৰ কৰে দুয়োজন মুখ্যমন্ত্ৰীয়ে। দুয়োখন ৰাজ্যৰ সীমান্তৰ ১২টা অঞ্চলৰ মাজত ৬টা বিবদমান স্থানৰ সমস্যা সমাধানৰ বাবে(36 Sq Km) বুজাবুজি চুক্তিত স্বাক্ষৰ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। শীঘ্ৰেই বাকী ছয়টা স্থানৰো বিবাদ নিষ্পত্তিৰ আশ্বাস গৃহমন্ত্ৰীৰ।
- Log in to post comments