ইউক্ৰেইনত থকা ভাৰতীয় সকলক আতংকিত নহ'বলৈ আহ্বান কেন্দ্ৰ চৰকাৰৰ!

Ukraine Vs Russia Conflict

ৰাছিয়াই আজি পুৱাৰ পৰা ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ পিছতে সমগ্ৰ বিশ্বতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

ভাৰত চৰকাৰেও বিষয়টোৰ ওপৰত চোকা নজৰ ৰাখিছে। ইয়াৰ মাজতে আজি কেন্দ্ৰীয় চৰকাৰে ইউক্ৰেইনত থকা ভাৰতীয় লোকসকলৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে।

এই নিৰ্দেশনাত কোৱা হৈছে যে ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতি অতিশয় অনিশ্চিত হৈ পৰিছে, সকলোৱে শান্ত হৈ থকা উচিত আৰু যিয়ে য'ত আছে, ঘৰ, হোষ্টেল, ট্ৰানজিট, বা অন্য বাসস্থানত সেই ঠাইতে নিৰাপদজনকভাৱে থকা উচিত।

central govt notice

আনহাতে ইউক্ৰেইনৰ কিভলৈ যাত্ৰা কৰা সকলোকে যাত্ৰা বাতিল কৰি নিজ নিজ ঠাইলৈ উভতি যাবলৈ পৰামৰ্শ দিয়া হৈছে। বিশেষকৈ যিসকল ভাৰতীয়ই পশ্চিম ইউক্ৰেইনৰ পৰা কিভলৈ গৈ আছিল তেওঁলোকে সাময়িকভাৱে নিজৰ চহৰলৈ নাইবা তাতকৈ নিৰাপদ ঠাই, পশ্চিম ইউক্ৰেইনৰ সীমন্তৱৰ্তী দেশলৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছে।

Category