প্লাষ্টিকৰ কণ্টেইনাৰত মূৰ সুমুৱাই দুৰৱস্থা বনৰজাৰ! চাওক ভিডিঅ'

leopard

মহাৰাষ্ট্ৰৰ থানে জিলাত প্লাষ্টিকৰ কণ্টেইনাৰ মূৰত সুমুৱাই দুৰৱস্থাৰ সন্মুখীন হ'ল এটা বাঘ।

মূৰত লাগি ধৰা কণ্টেইনাৰটোৰ বাবে ইফালৰ পৰা সিফাললৈ দৌৰা-দৌৰি কৰি ভাগৰি পৰে বনৰ ৰজাই। প্ৰায় ৪৮ ঘণ্টা ধৰি এইদৰে ঘূৰি থাকে বাঘৰ পোৱালিটো।

প্ৰায় এবছৰীয়া নাহৰফুটুকী পোৱালিটোৱে পানীৰ বাবে পাত্ৰটোৰ ভিতৰত মূৰটো সুমুৱাইছিল। কিন্তু পিছত বাহিৰলৈ উলায়াই আনিব নোৱাৰিলে পোৱালিটোৱে।

স্থানীয় বন বিভাগৰ এজন বিষয়াই কয় যে পোৱালিটোক বদলাপুৰৰ গোৰেগাঁও অঞ্চলত ঘূৰি ফুৰা দেখা গৈছিল। পৰ্যটকে ইয়াৰ এটা ভিডিঅ' বনাই আৰু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। বুধবাৰে নিশা বন বিভাগৰ এটা দলে বদলাপুৰৰ অৰণ্যত উপস্থিত হৈ তালাচী অভিযান আৰম্ভ কৰে।

 

অৱশেষত, ৩০জনৰো অধিক লোকে মূৰত লাগি থকা পাত্ৰটো উলিয়াই আনিবলৈ সক্ষম হয়। খাদ্য আৰু পানী অবিহনে দুদিন অতি দুৰ্বল হৈ পৰা বাঘৰ পোৱালিটোক মহাৰাষ্ট্ৰৰ সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যান উদ্ধাৰ কেন্দ্ৰলৈ লৈ যোৱা হয়।

Category
Profile picture for user UB Photos