ৰাজ্যত পুনৰ যুৱতী নিৰুদ্দেশৰ ঘটনা: চাকৰি দিয়াৰ প্ৰলোভনেৰে লৈ যোৱাৰ সন্দেহ পৰিয়ালৰ 

Missing Girl

ৰাজ্যত পুনৰ যুৱতী নিৰুদ্দেশৰ ঘটনা, দুষ্ট চক্ৰই চাকৰি দিয়াৰ প্ৰলোভনেৰে লৈ যোৱাৰ সন্দেহ পৰিয়ালৰ।

শিৱসাগৰ জিলাৰ আমগুৰিৰ দ-ঘৰফলীয়া গাঁৱৰ এগৰাকী কলেজীয়া ছাত্ৰী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলতটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

আমগুৰিৰ নামতিৰ দ-ঘৰফলীয়াৰ নিবাসী ফুলেশ্বৰী গগৈৰ কন্যা তথা আমগুৰি মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰী বিউটি গগৈ ১১ ফেব্ৰুৱাৰীৰ দিনা এগৰাকী বান্ধৱীৰ ওচৰলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে।

পিতৃহীনা বিউটি গগৈৰ মাতৃ আৰু খুড়ায়েক কান্দোনত ভাগি পৰিছে। পৰিয়ালৰ লোকে ছাত্ৰী গৰাকীক কোনো দুষ্ট চক্ৰই চাকৰি দিয়াৰ প্ৰলোভনেৰে লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। কোনো সদাশয় ব্যক্তিয়ে যদি বিউটিৰ কিবা সম্ভেদ পাই তেন্তে পৰিয়ালৰ লোকে ৬০০১৮৮৬৯৫৩ অথবা ৯৩৬৫৯২০৭৪৬ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।

আনহাতে, ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে হালোৱাটিং থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে ছাত্ৰীগৰাকীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।

Category
Profile picture for user UB Photos