বাৰ্লিন আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ মনোনীত আইমি বৰুৱাৰ "চেমখৰ"

আইমি বৰুৱা

বাৰ্লিন আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ মনোনীত "চেমখৰ"।

জানিব পৰা মতে, শনিবাৰে ভাৰতীয় সময় মতে নিশা ৯ বজাত আৰু ১৫ফেব্ৰুৱাৰী তাৰিখে ৫:৩০ বজাত প্ৰদৰ্শিত হব ছবিখন। ভাৰ্চুৱেল যোগে আৰু স্ক্ৰীনতো প্ৰদৰ্শন হব ছবি খন।

লগতে Online যোগেও চাব পাৰিব বাৰ্লিন আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ পন্জীয়ন থকা দৰ্শকসকলে।

অভিনেত্ৰী আইমি বৰুৱাই কয় যে, মোৰ সপোন আছিল এই ছবিখন, সমগ্ৰ টিমৰ সদস্যক ধন্যবাদ।

উল্লখ্য় যে, আজাদি কা অমৃত মহোৎসৱৰ থিমত ভাৰত চৰকাৰে ৮ খন ছবি পঠিয়াইছিল। ভাৰত চৰকাৰে প্ৰেৰণ কৰা ছবিৰ ভিতৰত এখন আছিল চেমখৰ। ঢাকা আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱতো প্ৰদৰ্শন হৈছিল চেমখৰ।

বাংলাদেশত "বিশেষ দৰ্শক" বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল চেমখৰ। 

Category
Profile picture for user UB Photos