খুদ আৰক্ষীয়ে ভংগ কৰিলে ট্ৰেফিক নিয়ম! সাংবাদিকে প্ৰশ্ন কৰাত উলোটাই আক্ৰমণ; ভিডিঅ' হ'ল ভাইৰেল

Fighting

সোমবাৰে হেলমেট পৰিধান নকৰাৰ বিষয়ে প্ৰশ্ন কৰাৰ পিছত চিৰাং জিলাৰ দুজন আৰক্ষীয়ে এজন সাংবাদিকক আক্ৰমণ কৰাৰ বাবে গোচৰ ৰুজু কৰা হৈছে।

এই ঘটনা চিৰাঙৰ বসুগাঁও অঞ্চলত সংঘটিত হয়। 

ভুক্তভোগী সাংবাদিকজনক জয়ন্ত দেৱনাথ বুলি চিনাক্ত কৰা হৈছে, উল্লেখ্য় যে এটা আঞ্চলিক ব্যক্তিগত বাতৰি চেনেলত কাম কৰে জয়ন্ত দেৱনাথ।

জানিব পৰা মতে, দেৱনাথে দাবী কৰিছিল যে বাইকত থকা দুজন আৰক্ষীয়ে হেলমেট পিন্ধি অহা নাছিল, মোৰ কেৱল এইটো ভুল আছিল যে মই তেওঁলোকক প্ৰশ্ন কৰিছিলো যে মটৰচাইকেল চলোৱাসময়ত তেওঁলোকৰ কিয় হেলমেট নাছিল।

দেৱনাথে লগতে কয় "সম্পূৰ্ণ দিবালোকত তেওঁলোকে মোক গালি-গালাজ আৰু আক্ৰমণ কৰিছিল। যেতিয়া মই তেওঁলোকক জনাইছিলো যে মই এজন সাংবাদিক।"

অসমত, আৰক্ষীৰ সীমাহীন কৰ্তৃত্ব আছে, যাক তেওঁলোকে অপব্যৱহাৰ কৰি আছে। মই অসম চৰকাৰক জনাব বিচাৰো যে আপুনি আইন নিৰ্ধাৰণ কৰিছে, তথাপিও আপোনাৰ নিজৰ মানুহে সেইবোৰ ভাঙি আছে, দেৱনাথে কয়।

ইফালে, চিৰাঙৰ উপ আৰক্ষী অধীক্ষকে (ডিএছপি) আশ্বাস দিছে যে গোচৰটোত সকলো প্ৰয়োজনীয় পদক্ষেপ লোৱা হব।

আমি দুজন কনিষ্টবলৰ বিৰুদ্ধে জয়ন্ত দেৱনাথৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি আছো। দুয়োজন কনিষ্টবলক ৰিজাৰ্ভ ক্লজ কৰি দিয়া হৈছে, বিষয়াজনে কয়।

আনহাতে, ঘটনাটোৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত বিয়পি পৰিছে, য'ত সাংবাদিকজনক আৰক্ষীয়ে আক্ৰমণ কৰা আৰু আৰক্ষীৰ ভানত ভৰাবলৈ বাধ্য কৰি থকা দেখা গৈছে।

Category
Profile picture for user UB Photos