নাৰ্ছৰ শ্লীলতা হানিৰ চেষ্টা, জে’ললৈ গ’ল চিকিৎসক ভাস্কৰ বৰুৱা

Sexual Abuse

ভগৱানৰূপী চিকিৎসকৰ অমানৱীয় কাণ্ড। চিকিৎসকৰ ওচৰতে এতিয়া সুৰক্ষিত নহয় পৰিচাৰিকা। নাৰ্ছক অশালীন ব্যৱহাৰ কৰি বিতৰ্কত সোমাই পৰিছে এজন চিকিৎসক। বিতৰ্কিত চিকিৎসকজন হৈছে গুৱাহাটী ৰিফাইনেৰীৰ চিকিৎসক ভাস্কৰ বৰুৱা।

২৬ জানুৱাৰীত গুৱাহাটী ৰিফাইনেৰী হাস্পতালত এগৰাকী নাৰ্ছৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল লম্পট ভাস্কৰ বৰুৱাই। ঘটনা সংঘটিত কৰিয়েই ধৰা পৰাৰ ভয়ত নিশাই পলায়ন কৰি আত্মগোপন কৰে চিকিৎসকজনে।

ঘটনাৰ পিছতে নুনমাটি আৰক্ষীয়ে অভিযান চলাই বাইহাটা চাৰিআলিৰ কমলপুৰৰ পৰা শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে ভাস্কৰ বৰুৱাক। বাইহাটা চাৰিআলিৰ আত্মীয়ৰ ঘৰত আত্মগোপন কৰি আছিল ভাস্কৰ বৰুৱাই। নুনমাটি আৰক্ষীয়ে মোবাইল ফোন ট্ৰেছ কৰি গ্ৰেপ্তাৰ কৰে চিকিৎসক ভাস্কৰ বৰুৱাক। সম্প্ৰতি আৰক্ষীয়ে আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে চিকিৎসক ভাস্কৰ বৰুৱাৰ।

Category
Profile picture for user UB Photos