অভয়াপুৰীৰ বামুনগাওঁৰ শিক্ষিত যুৱতী পূৰবী ৰায়ে কাঠফুলাৰ খেতিৰে স্বাবলম্বী হোৱাৰ প্ৰচেষ্টাই সমগ্ৰ অঞ্চলটোতে কঢ়িয়াই আনিছে আশাৰ বতৰা।
অতি কম মূলধন বিনিয়োগ কৰি অধিক লাভাম্বিত হ'ব বুলি দাবী কৰে পূৰবী ৰায়ে। স্নাতক ডিগ্ৰী ধাৰী পূৰবীয়ে কেৱল চৰকাৰী চাকৰিৰ বাবে আশা পালি বহি নাথাকি কাঠফুলা খেতিৰে স্বাবলম্বী হবলৈ আহ্বান জনাইছে যুৱক-যুৱতী সকলক।
তেওঁ এতিয়ালৈকে কাঠফুলা খেতিত প্ৰায় ১২ হেজাৰ টকা বিনিয়োগ কৰি ৰাইজক স্বাস্থ্য সন্মত খাদ্য যোগান ধৰিছে। পূৰবী ৰায়ে চৰকাৰী সাহাৰ্য অবিহনে আৰম্ভ কৰা কাঠফুলা খেতিৰ উৎপাদিত কাঠফুলাই অভয়াপুৰী আৰু ইয়াৰ পাৰ্শ্ববৰ্তী অঞ্চলৰ বজাৰ দখল কৰিবলৈ সক্ষম হ'ব বুলি দৃঢ়বিশ্বাসী।
চৰকাৰৰ যথাযথ সহাৰিৰে তেওঁ বৃহৎ পৰ্যায়ত কাঠফুলা খেতি কৰিবলৈ সক্ষম হ'ব বুলিও আশা প্ৰকাশ কৰে অভয়াপুৰীৰ শিক্ষিত যুৱতী পূৰবী ৰায়ে।
- Log in to post comments