মুখ্যমন্ত্ৰীৰ সৈতে বিশেষ বৈঠক! ‘স্নাতক শিক্ষক’ আৰু ‘স্নাতকোত্তৰ শিক্ষক’ৰ নতুন নামকৰণ…

Assam CM

দেওবাৰে মুখ্যমন্ত্ৰীৰ সৈতে সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকলৰ সৈতে শিক্ষা বিভাগৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিষয়াসকলক কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুও উপস্থিত থাকে৷

দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকলৰ সৈতে শিক্ষা বিভাগৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। এই বৈঠকত বিষয়াসকলক কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বৈঠকত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুও উপস্থিত থাকে৷

এই বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত অনুসৰি ‘স্নাতক শিক্ষক’ আৰু ‘স্নাতকোত্তৰ শিক্ষক’ৰ নামকৰণ বাতিল কৰি এতিয়াৰে পৰা সকলো বিদ্যমান পদক ‘বিদ্যালয় শিক্ষক’ হিচাপে জনা যাব। এতিয়াৰে পৰা ‘বিদ্যালয় শিক্ষক’ পদৰ বাবে স্নাতকোত্তৰ ডিগ্ৰীধাৰীসকলকহে যোগ্য বুলি ধৰা হ’ব৷ লগতে এই বৈঠকত ২০২২ চনৰ মাৰ্চ মাহত বিদ্যালয়সমূহৰ একত্ৰীকৰণ সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইয়াৰোপৰি শিক্ষক নিযুক্তি সম্পৰ্কীয় সকলো নিয়ম সংশোধনৰ বাবে এখন সমিতিও গঠন কৰা হ’ব বুলি এই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

২০২২ চনৰ মাৰ্চৰ ভিতৰত বিদ্যালয়সমূহৰ একত্ৰীকৰণ সম্পূৰ্ণ কৰা হ’ব।
চাহ বাগিচাৰ সকলো নিৰ্মাণাধীন উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব যাতে ২০২২ চনৰ এপ্ৰিলৰ ভিতৰত নতুন বিদ্যালয় ভৱন উদ্বোধন কৰিব পৰা যায় ।

তদুপৰি এই বৈঠকত আদৰ্শ বিদ্যালয় নিৰ্মাণৰ অগ্ৰগতি, নিযুক্তি সম্পৰ্কীয় বিষয়, শিক্ষাৰ্থীসকলৰ টিকাকৰণ আৰু শিক্ষকৰ পেঞ্চন সম্পৰ্কীয় বিষয় সন্দৰ্ভতো পৰ্যালোচনা কৰা হয়।

Category
Profile picture for user UB Photos