কনিষ্টবল পদৰ নিযুক্তিৰ কাট অৱ মাৰ্কৰ বিসংগতিক লৈ অসন্তুষ্ট চাকৰি প্ৰাৰ্থীৰ প্ৰতিবাদ

Protest
সদ্য ঘোষিত কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাত ফলাফলক লৈ একাংশ চাকৰি প্ৰাৰ্থীৰ অসন্তুষ্টি। কাট অৱ মাৰ্কৰ বিসংগতিৰ অভিযোগ কৰি শুকুৰবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন স্থানৰ পৰা অহা চাকৰি প্ৰাৰ্থীয়ে। 
 

 প্ৰাৰ্থীসকলৰ প্ৰকাশ কৰা অনুসৰি, বিজ্ঞাপনত উল্লেখ থকা মতে ১টা পদৰ বিপৰীতে ৫ জন প্ৰাৰ্থীক লিখিত পৰীক্ষাত বহিবলৈ মতাৰ কথা আছিল। কিন্তু এতিয়া ১ টা পদৰ বিপৰীতে ২ জন প্ৰাৰ্থীক মতাৰ অভিযোগ কৰিছে প্ৰাৰ্থীসকলে। 

 

 যাৰ বাবে দুজনকৈ মতাৰ বাবে বৰ্তমান কাট অৱ মাৰ্ক বেছি হৈছে। ইয়াৰোপৰি, প্ৰাৰ্থীসকলে ২৪ ঘণ্টাৰ ভিতৰত বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ বিচৰাৰ লগতে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদীসকলে। আনহাতে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পাণবজাৰ আৰক্ষীয়ে আটক কৰে প্ৰতিবাদীসকলক। 

 

উল্লেখ্য যে, ইতিমধ্যে ৯১৭১টা কনিষ্টবল পদত নিযুক্তিৰ যো-জা চলিছে। ইতিমধ্যে ঘোষিত হৈছে সংযুক্ত লিখিত পৰীক্ষাৰ দিন। ২০, ২৪, ২৭ ফেব্ৰুৱাৰীত হ'ব লিখিত পৰীক্ষা। ১০টা কেন্দ্ৰত ছেবাই পাতিব পৰীক্ষা।  

 

Category