শিৱসাগৰত দুৰ্ঘটনা, গৰুভৰ্তি কণ্টেইনাৰ আৰু সুৰা ভৰ্তি ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ

sivasagar-accident-on-37-national-highway

শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। NRL তেল ডিপোৰ সন্মুখত দহচকীয়া কণ্টেইনাৰ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত পতিত হোৱা কণ্টেইনাৰৰ পৰা উদ্ধাৰ কৰা হয় ৩৬টা গৰু। আনহাতে, আনখন ট্ৰাকত অনা হৈছিল বৃহৎ পৰিমাণৰ সুৰা।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই পলায়ন কৰে বাহন দুখনৰ চালক-হেণ্ডিমেন। দহচকীয়া কণ্টেইনাৰত গৰু উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চোৰাং গৰু কঢ়িওৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে, ঘটনা সন্দৰ্ভত আৰম্ভ কৰা হৈছে তদন্ত।

Category
Profile picture for user UB Photos