অসমৰ সমষ্টিয়ে সমষ্টিয়ে চৰকাৰে খুলিব ইংৰাজী মাধ্যমৰ বিদ্যালয়…

Assam Govt

অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ বিপদঘণ্টা। অসমৰ শিক্ষাখণ্ডক লৈ অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিশেষ সিদ্ধান্ত।

অসম বিধানসভাৰ শীতকালীন অধিৱেশনত চৰকাৰৰ বিশেষ সিদ্ধান্ত-ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলিব অসম চৰকাৰে। সমষ্টিয়ে সমষ্টিয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ সিদ্ধান্ত চৰকাৰৰ। এই বিদ্যালয়সমূহত পাঠ্যক্ৰম হ’ব CBSEৰ। CBSEৰ অধীনত একোখনকৈ আদৰ্শ বিদ্যালয় খুলিব চৰকাৰে।

অসমীয়া ভাষাক লৈ সংকট চলি থকাৰ সময়তে চৰকাৰৰ সিদ্ধান্তই চিন্তাত পেলাইছে বহুতকে। চৰকাৰৰ এই ঘোষণাৰ পিছতে বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ।

Category