অনলাইন প্ৰৱঞ্চনাৰ পৰা সাৱধান। অনলাইনত বিত্তীয় প্ৰৱঞ্চনাৰ বলি হৈ ইতিমধ্যে বহুতেই হেৰুৱাইছে নিজৰ সাঁচতীয়া ধন। অজ্ঞাত লোকক বিশ্বাস কৰি অথবা অজ্ঞাত লোকৰ কথাত ভোল গৈ বহু সময়ত বহুতেই নিজৰ ধন হেৰুওৱাৰ বাতৰি প্ৰায়ে প্ৰকাশিত হয়।
পিছে প্ৰৱঞ্চকৰ হাতত টকা হেৰুৱালে কি কৰিব আপুনি? শংকিত নহৈ ডায়েল কৰিব এটা নম্বৰত। অসম আৰক্ষীয়ে আপোনাৰ সহয়ৰ বাবে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ। বিত্তীয় প্ৰৱঞ্চনাৰ বলি হ’লে ২৪ ঘন্টাৰ ভিতৰত ডায়েল কৰক ১৫৫২৬০ হেল্পলাইন নম্বৰত। এই নম্বৰত ডায়েল কৰিলে শীঘ্ৰেই সহায়ৰ হাত পাব আপুনি।
Category
- Log in to post comments