লালমাটিৰ এটা গুদামত ভয়ংকৰ অগ্নিকাণ্ড! লাখ লাখ মূল্যৰ সামগ্ৰী জুইত পুৰি ছাই..

জুই

শুকুৰবাৰে গুৱাহাটীৰ লালমাটিৰ এটা গুদামত এক ডাঙৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ঘটনাটো ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ৰ ওচৰত সংঘটিত হয়।

জানিব পৰা মতে, শ্বৰ্ট চাৰ্কিটৰ ফলত পুৱাৰ ভাগত এই অগ্নিকাণ্ড সংঘটিত হয়।

অগ্নিসংযোগ হোৱাৰ পিছতে স্থানীয় লোকে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বিভাগক বিষয়টো অৱগত কৰে। জুই নুমুৱাবলৈ দুখন অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়। 

গুৰুতৰ জুইৰ ফলত গুদামৰ সা - সম্পত্তিৰ গুৰুতৰ ক্ষতিসাধন হয়। লাখ লাখ মূল্যৰ সামগ্ৰী আৰু সম্পত্তি ছাই হোৱা পৰিলক্ষিত হয়। 

অৱশ্যে, এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। 

Category
Profile picture for user UB Photos