নিউজিলেণ্ডৰ বিৰুদ্ধে হ'ব লগা টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা

India Squad

শুক্ৰবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক শৃংখলাৰ বাবে ভাৰতৰ টেষ্ট দল ঘোষণা কৰা হৈছে। ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব লগা দুখন খেলৰ টেষ্ট শৃংখলাৰ বাবে সৰ্বভাৰতীয় ছিনিয়ৰ বাছনি সমিতিয়ে দল বাছনি কৰে।

আজিংক্য ৰাহানে (C), কে এল ৰাহুল, মায়াংক আগৰৱাল, চিতেশ্বৰ পুজাৰা (VC), শুভমান গিল, এছ আয়াৰ, ঋদ্ধিমান সাহা (WK), কে এছ ভাৰত (WK), ৰবীন্দ্ৰ জাদেজা, আৰ অশ্বিন, অক্সৰ পেটেল, জে যাদৱ, ইশান্ত শৰ্মা, উমেশ যাদৱ, মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণা।

team india

বিচিচিআইৰ কামৰ বোজা ব্যৱস্থাপনা নীতিৰ অংশ হিচাপে নৱনিযুক্ত টি-২০ অধিনায়ক ৰোহিত শৰ্মা, উইকেট কিপাৰ ঋষভ পন্ত আৰু পেচাৰ যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামী সকলোকে বিশ্ৰাম দিয়া হৈছে।

বিচিচিআইৰ সচিব জয় শ্বাহে এখন সংবাদমেলত ঘোষণা কৰে, "বিৰাট কোহলীয়ে দ্বিতীয় টেষ্টৰ বাবে দলটোত যোগদান কৰিব আৰু দলটোক নেতৃত্ব দিব।"

মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰে অফ স্পিনাৰ জয়ন্ত যাদৱৰ সৈতে টেষ্ট দলত প্ৰত্যাৱৰ্তন কৰে।

ভাৰতে তিনিখন টি-২০ (১৭, ১৯ আৰু ২১ নৱেম্বৰ) আৰু দুখন টেষ্টত (২৫-২৯ নৱেম্বৰ আৰু ৩-৭ ডিচেম্বৰ) নিউজিলেণ্ডৰ সৈতে খেলিব। প্ৰথম খন টেষ্ট কানপুৰত খেলা হ'ব আৰু দ্বিতীয়খন মুম্বাইত অনুষ্ঠিত হ'ব।

Category
Profile picture for user UB Photos