খোজকাঢ়ি লাডাখ পালেগৈ অসমৰ মহিলা, ইতিহাসৰ সোণালী পৃষ্ঠাত লিপিবদ্ধ হৈ ৰ’ল নাম

Walk to Ladakh

অসমৰ পৰা খোজকাঢ়ি লাডাখ পালেগৈ অসমৰ মহিলাই।

দক্ষিণ কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰিহাট হাটখোৱাপাৰা গাঁৱৰ নিজ বাসগৃহৰ পৰা খোজকাঢ়ি  লাডাখ পালেগৈ অঞ্জলী দাসে।

১৩ আগষ্টত খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰি ২৯ অক্টোবৰত লাডাখত উপস্থিত হ’ল অঞ্জলী। মিশ্বন ফিট ইণ্ডিয়া শীৰ্ষক লক্ষ্যৰে ভাৰতবৰ্ষৰ সকলো মানুহ সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ কামনাৰে অসমৰ পৰা খোজকাঢ়ি জম্মু কাশ্মীৰৰ সুদুৰ লাডাখত উপস্থিত হোৱা অসমৰ প্ৰথম মহিলা হিচাপে ইতিহাসৰ সোণালী পৃষ্ঠাত লিপিবদ্ধ হৈ ৰ’ল অঞ্জলী দাসৰ নাম।

দু:সাহসিক খেলুৱগৰাকীয়ে আজি লাডাখৰ শৃংগত উৰুৱালে জয় আই অসম লিখা গামোচা আৰু ত্ৰিৰংগা পতাকা।

২,৭৯৬ কিলোমিটাৰ যাত্ৰা অবিৰত গতিত তিনিমাহ শেষ নৌহওঁতেই সফল কৰে অঞ্জলীয়ে। তেওঁৰ এই যাত্ৰাক বিভিন্ন দল-সংগঠনৰ লগতে বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানে আন্তৰিক শুভেচ্ছা জনাইছে।

Category
Profile picture for user UB Photos