ৰৌণক আলীৰ বিৰুদ্ধে নতুনকৈ আৰোপ কৰা হৈছে তিনিটা ধাৰা। DIG ৰৌণক আলীৰ বিৰুদ্ধে উঠিছে চৰকাৰী তথ্য গোপনে প্ৰদান কৰাৰ অভিযোগ।
মুখ্যমন্ত্ৰীৰ তদাৰক শাখাই ৰৌণক আলীৰ বিৰুদ্ধে official secrets act 3(C)/4(1)/5 ধাৰা আৰোপ কৰিছে। আদালতৰ অনুমতি সাপেক্ষে ৰৌণক আলীৰ সহায়কাৰী ফৰিদৰ বিৰুদ্ধেও PC Actৰ 12 সন্নিৱিষ্ট।
গোপনে বিদেশলৈ যোৱাৰ বাবে ৰৌণক আলীৰ বিৰুদ্ধে আৰোপ কৰা হৈছে official secrets actৰ ধাৰা । এতিয়াও ৰৌণক আলীৰ বিৰুদ্ধে বহুকেইটা গোপন তথ্য আছে CMVৰ হাতত।
জেহাদী সন্দৰ্ভত বহু তথ্য লাভ কৰিছে আৰক্ষীয়ে । অৱশ্যে, তদন্তৰ খাতিৰত CMVএ প্রকাশ কৰা নাই কোনো তথ্য। সোণৰ সন্দৰ্ভতো আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান। এই কথা সদৰী কৰিছে তদন্তকাৰী বিষয়া হিতেশ ঠাকুৰীয়াই।
- Log in to post comments