জন্মদিনৰ দিনটোত ‘বিগ বি’ৰ বিশেষ ঘোষণা, এতিয়াৰ পৰা কমলা পচন্দৰ বিজ্ঞাপনত দেখা নাপাব চুপাৰষ্টাৰ অমিতাভ বচ্চনক…

Amitabh Bachchan ends his partnership with Kamala Pasand

আজি বলিউডৰ চুপাৰষ্টাৰ ‘বিগ বি’ অমিতাভ বচ্চনৰ জন্মদিন। সোমবাৰে ৭৯ বছৰত ভৰি দিলে অভিনেতাগৰাকীয়ে। ১৯৪২ চনত এলাহাবাদত জন্মগ্ৰহণ কৰিছিল অভিনেতা অমিতাভ বচ্চনে।

আজিৰ এই বিশেষ দিনটো বিশেষভাৱে উদযাপন কৰিছে অপূৰ্ব অভিনয় শৈলীৰে দীৰ্ঘদিন ধৰি অনুৰাগীৰ হৃদয় দখল কৰি থকা অভিনেতাগৰাকীয়ে। জন্মদিনৰ দিনটোত তেখেতৰ গুণমুগ্ধসকলেও বিভিন্ন শুভেচ্ছাৰে ওপচাই পেলোৱাৰ লগতে অভিনেতাগৰাকীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।

কিন্তু জন্মদিনৰ দিনটোতে বলিউডৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনে অনুৰাগীৰ সন্মুখত কৰিলে এক বিশেষ ঘোষণা। এটা লিখনিৰ জৰিয়তে অভিনেতাগৰাকীয়ে লিখে, পাণ মছলা কমলা পচন্দৰ সৈতে থকা তেখেতৰ চুক্তি সমাপ্ত হোৱাৰ কথা।

উল্লেখ্য যে, বলিউডৰ অভিনেতা ৰণবীৰ সিঙৰ সৈতে ‘বিগ বি’য়ে দিয়া কমলা পচন্দৰ বিজ্ঞাপনৰ পিছতেই যথেষ্ট সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল অভিনেতাগৰাকী। বহুতেই বহু কটু কথাৰে থকা-সৰকা কৰিছিল ‘বিগ বি’ক। অৱশ্যে অমিতাভ বচ্চনেও তেওঁৰ সমালোচকক দিছিল উচিত প্ৰত্যুৎত্তৰ। দৰাচলতে, ব্যৱসায়ৰ বাবেহে অভিনেতাগৰাকীয়ে কমলা পচন্দৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে বিজ্ঞাপনত ভুমুকি মৰাৰ কথা কয় অনুৰাগীক।

জন্মদিনৰ দিনটোতে পান মছলা ‘কমলা পচন্দ’ৰ সৈতে থকা বিজ্ঞাপনৰ চুক্তি শেষ কৰাৰ কথা এক লিখনিৰ জৰিয়তে অনুৰাগীক জনায় বলিউডৰ চুপাৰষ্টাৰগৰাকীয়ে। এতিয়াৰে পৰা কমলা পচন্দৰ বিজ্ঞাপনত ৰণবীৰ সিঙৰ সৈতে দৰ্শকে দেখা নাপাব অভিনেতা অমিতাভ বচ্চনক।

Category
Profile picture for user UB Photos