'ড্ৰিংক এণ্ড হিট' গোচৰ: দিচপুৰ আৰক্ষীৰ দুজন কৰ্মীৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ; অভিযুক্তক কৰা হ'ব গ্ৰেপ্তাৰ

accident

দিচপুৰ আৰক্ষী ট্ৰেফিক শাখাৰ চাব ইন্সপেক্টৰ (ইউবি) চাহিৰ আলী আৰু উপ পৰিদৰ্শক (ইউবি) আভা ৰাণী গগৈ বুলি চিনাক্ত কৰা দুজন দিচপুৰ আৰক্ষী কৰ্মীক সোমবাৰে তাৎক্ষণিক ভাৱে আৰক্ষী সংৰক্ষিত অঞ্চলত বন্ধ কৰি দিয়া হয়।

চহৰখনৰ এগৰাকী ২৯ বছৰীয়া বিবাহ পৰিকল্পনাকাৰী তথা প্ৰাক্তন মডেলৰ দ্বাৰা সুৰাপান কৰি গাড়ী চলোৱাৰ শেহতীয়া ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত হোৱাৰ পিছত দুয়োজনৰ ওপৰত বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।  

শুক্ৰবাৰে নিশা, যুৱতীগৰাকীয়ে "নিচাসক্ত" অৱস্থাত গাড়ী চলাই আহি দ্ৰুতবেগী গাড়ীৰে কমেও আঠজন পিডব্লিউডি কৰ্মীক খুন্দিয়াইছিল। দুৰ্ঘটনাটোত শ্ৰমিক এজনৰ দুয়োখন ভৰি সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল আৰু সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে।

আৰক্ষীয়ে দিয়া তথ্য় অনুসৰি দ্ৰুত গতিত গাড়ী চলোৱা আৰু আঘাতপ্ৰাপ্ত হোৱাৰ সৈতে সম্পৰ্কিত আইপিচি ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত হয় কিয়নো তাইক সুৰাপান কৰি গাড়ী চলোৱা আৰু কোভিড১৯ কাৰফিউ সময় উলংঘা কৰাৰ সৈতে সম্পৰ্কিত ধাৰাৰ বাবে গোচৰ ৰুজু কৰা হোৱা নাছিল।

সূত্ৰ অনুসৰি সোমবাৰে ৰিজাৰ্ভত বন্ধ কৰা আৰক্ষী কৰ্মী দুজনক সঠিক এজাহাৰ নিলিখাৰ বাবে প্ৰশ্ন কৰা হয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘটনাটোৰ প্ৰতিক্ৰিয়া স্বৰূপে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰে আৰু কয় যে বিষয়টোত সঠিক তদন্ত কৰা হ'ব।

উল্লেখ্য় যে অভিযুক্ত যুৱতীগৰাকীক সোনকালেই পুনৰ গ্ৰেপ্তাৰ কৰা হ'ব পাৰে।

Category
Profile picture for user UB Photos