ৰজনীগন্ধা নাখাব! ৰজনীগন্ধা খালে কথা পাহৰিব আপুনি, পৰীক্ষাত ধৰা পৰিছে এই ভয়ংকৰ তথ্য…

Rajanigandha Gutkha

ৰজনীগন্ধা। আজিকালি ৰজনীগন্ধা সকলোৰে হাতে হাতে থাকে। ৰজনীগন্ধা চোবাই, পকটিয়াই ৰাস্তাই-ঘাটে বহুতেই ‘ফুলাম’ দৃশ্য সৃষ্টি কৰাটোও অতি সুলভ।

বিশেষকৈ যুৱচামৰ একাংশই এইবিধ ৰজনীগন্ধা পানমছলা খোৱাটো অভ্যাসত পৰিণত কৰি লৈছে। আপুনিও যদিহে এই পানমছলা দৈনিক খাই আছে তেন্তে আপুনিও জানি থওক সুগন্ধি পাণ মচলাৰ নামত আপুনি বিহৰ পেকেট একোটাহে চোবাই আছে। খাওঁতাক নিচাসক্ত কৰাৰ বাবে ৰজনীগন্ধাত মিহলোৱা হয় বিষাক্ত দ্ৰব্য৷ শেহতীয়া পৰীক্ষাত ৰজনীগন্ধাত ধৰা পৰিছে বিষাক্ত দ্ৰব্য। এইকথা নিশ্চিত হোৱাৰ পাছতে ইতিমধ্যে ৰজনীগন্ধা প্ৰস্তুত কৰা কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে চৰকাৰে।

গুৱাহাটীৰ বামুণী মৈদামত অৱস্থিত ধৰমপাল-সত্যপাল গ্ৰুপৰ কাৰখানাত প্ৰস্তুত হৈছিল এই ৰজনীগন্ধা ৷ ভাৰতীয় খাদ্য সুৰক্ষা প্ৰাধিকৰণ আৰু মানক প্ৰাধিকৰণৰ অনুসন্ধানত ধৰা পেলাইছে ৰজনীগন্ধাত বৰবিহৰ উপস্থিতি৷ মানৱ শৰীৰৰ বাবে অপকাৰী মেগনেছিয়াম কাৰ্বনেটৰ উপস্থিতি ধৰা পৰে অনুসন্ধানত৷ ৰজনীগন্ধাত মিলোৱা এই বিষাক্ত দ্ৰব্যই স্মৃতিশক্তি লোপ কৰে বুলি জানিব পৰা গৈছে৷ এই অনুসন্ধানৰ পাছতে ডিএছ গ্ৰুপৰ ৫০হাজাৰ কাৰ্টুন ৰজনীগন্ধা জব্দ কৰাৰ লগতে ধৰমপাল-সত্যপালৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে৷

অনুজ্ঞাপত্ৰ বাতিল কৰাৰ পাছত এতিয়াৰে পৰা ডিএছ গ্ৰুপে প্ৰস্তুত কৰিব নোৱাৰিব ৰজনীগন্ধা৷ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিষয়াই ফেব্ৰুৱাৰী মাহতে নমুনা সংগ্ৰহ কৰিছিল এই পাণ মছলাৰ৷ কলকাতাৰ নেচনেল ফুড লেবৰেটৰীত ৰজনীগন্ধাত মেগনেছিয়াম কাৰ্বনেটৰ উপস্থিতি ধৰা পৰে৷ পৰৱৰ্তী সময়ত গাজিয়াবাদত কৰা পৰীক্ষাতো এই কথা নিশ্চিত হয়৷

এই তথ্য লাভৰ পাছতে এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এনে সামগ্ৰীৰ বিৰুদ্ধে চৰকাৰে কিমান কঠোৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।ইমান দিনে বৰবিহ খুৱাই থকা পুঁজিপতি ব্যৱসায়ী ডিএছ গ্ৰুপ আইনৰ সুৰুঙাৰে সাৰি যাব নাযায়তো?

Category
Profile picture for user UB Photos