১৫ বছৰীয়া কিশোৰীক ন মাহ ধৰি ৩০ জনতকৈও অধিক পুৰুষৰ দলবদ্ধ ধৰ্ষণ, গ্ৰেপ্তাৰ কৰা ২৮ জনৰ ভিতৰত ২ জন কিশোৰ

Mumbai Gang Rape

দেশখনত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ আন এক শীতল ঘটনাত মহাৰাষ্ট্ৰৰ থানেৰ ডম্বিভলিত এগৰাকী ১৫ বছৰীয়া কিশোৰীক ন মাহৰ ভিতৰত ৩০ জনতকৈও অধিক পুৰুষে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ইতিমধ্যে কমেও ৩০ জন পুৰুষক গ্ৰেপ্তাৰ কৰা হৈছে তাৰে ২ জন কিশোৰ বুলি জানিব পৰা গৈছে। এই ভয়ংকৰ অপৰাধটোৰ তদন্তৰ বাবে এটা বিশেষ অনুসন্ধান দল গঠন কৰা হৈছে।

উক্ত ঘটনাটো জানুৱাৰীত আৰম্ভ হৈছিল যেতিয়া ছোৱালীজনীৰ বন্ধুৱে তাইক ধৰ্ষণ কৰিছিল আৰু তাৰ চিত্ৰগ্ৰহণ কৰিছিল। পিছত ছোৱালীজনীক ব্লেকমেইল কৰে আৰু বাৰে বাৰে ধৰ্ষণ কৰে। এইটো অভিযোগ কৰা হৈছে যে অভিযুক্তজনে পিছত ধৰ্ষণৰ ভিডিঅ'টো তেওঁৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিছিল আৰু তাৰপিছত নাবালক ছোৱালীজনীক ব্লেকমেইল কৰি তাইক আকৌ ধৰ্ষণ কৰিছিল।

আৰক্ষীয়ে দিয়া তথ্য় অনুসৰি পিছত ডম্বিভলিৰ বিভিন্ন স্থানত সেই পুৰুষৰ দলটোৱে নাবালক ছোৱালীজনীক বাৰে বাৰে ধৰ্ষণ কৰিছিল।

ঘটনা সন্দৰ্ভত অতিৰিক্ত আৰক্ষী আয়ুক্ত দত্তত্ৰয় কাৰালে কয়, "এই সকলোবোৰ তেতিয়া আৰম্ভ হৈছিল যেতিয়া ছোৱালীজনীৰ বন্ধুৱে এই বছৰৰ জানুৱাৰীত তাইক ধৰ্ষণ কৰিছিল। তেওঁ অপৰাধমূলক কাৰ্যৰ এটা ভিডিঅ' ও বনাইছিল। তেওঁ সেই ভিডিঅ'টোৰ আধাৰত তাইক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিছিল। পিছলৈ তেওঁৰ বন্ধু বৰ্গ আৰু পৰিচিত সকলে জিলাখনৰ ডম্বিভিলি, বদলাপুৰ, মুৰবাদ আৰু ৰাবালেকে ধৰি বিভিন্ন স্থানত কমেও চাৰিৰ পৰা পাঁচবাৰ তাইক দলবদ্ধ ভাৱে ধৰ্ষণ কৰে।"

বুধবাৰে ভুক্তভোগীজনে আৰক্ষীৰ কাষ চপাৰ পাছতে অপৰাধটো পোহৰলৈ আহে। তাইক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে কয় যে ভুক্তভোগীজনে প্ৰায় সকলো অভিযুক্ত ধৰ্ষণকাৰীক চিনি পাইছিল। 

Category
Profile picture for user UB Photos