আজি আহিব দুৰ্গা পূজাৰ নতুন এছ.ও.পি.!

Durga Puja SOP likely today

আগন্তুক দুৰ্গাপূজাৰ উপলক্ষে কোভিড১৯ বাবে অনুসৰণ কৰিবলগা নিয়মৰ ওপৰত আজি স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই এছ.ও.পি জাৰী কৰিব।

মন্ত্ৰী মহন্তই বুধবাৰে কয় যে ৰাজ্য চৰকাৰে দুৰ্গা পূজা উদযাপনৰ বাবে পৃথক এছ.ও.পি. ঘোষণা কৰিব।

বুধবাৰে সন্ধিয়া এছঅপি ঘোষণা কৰা হ'ব বুলি আশা কৰা হৈছে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে অহা ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিশ্বকৰ্মা পূজাৰ বাবে কোনো পৃথক এছঅ'পি জাৰী কৰা নহয়।

অৱশ্যে, চলিত কোভিড প্ৰটোকল সমূহ কঠোৰভাৱে অনুসৰণ কৰিব লাগিব।

উল্লেখ্য় যে, যোৱা বছৰো কোভিড১৯ৰ প্ৰথম ঢৌৰ মাজত অসম চৰকাৰে দুৰ্গা পূজাৰ বাবে এছ.ও.পি. জাৰী কৰিছিল আৰু পূজা সমিতিবোৰক নিশা ১০ বজাৰ ভিতৰত পেণ্ডেল বন্ধ কৰিবলৈ আৰু সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে গণ সংস্থাপন সীমিত কৰিবলৈ নিৰ্দেশ জাৰী কৰিছিল।

Category
Profile picture for user UB Photos