ঠিকাদাৰৰ অকমান্যতাৰ বাবেই দুইবছৰতো সম্পূৰ্ণ নহ'ল এটা পথৰ কাম

ঠিকাদাৰৰ অকমান্যতাৰ বাবেই দুইবছৰতো সম্পূৰ্ণ নহ'ল এটা পথৰ কাম

 


     লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ যুৱনগৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৪ নং ধৰ্মপুৰৰ এটা পথ, যিটো পথৰ কাম সম্পূর্ণ নহল দুবছৰটো। আহমেদপুৰ কুতুব পুৰ গড়কাপ্তানি পথৰ পৰা ৪ নং ধৰ্মপুৰ চাৰিআলিলৈ অহা পথছোৱা ভাল দৰে কাম নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

উল্লেখযোগ্য যে নাওবৈচা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে ২০১৮ চনতেই এই পথৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভণি কৰিছিল ।
     SOPD আঁচনি ৰ অধীনত ৯২.০২ লাখ টকাৰে ১.৫০ কি: মিটাৰ দৈৰ্ঘ্যৰ পথৰ মাত্ৰ ৭০০-৮০০ মিটাৰ পথত কিছু পৰিমানে কাম কৰিছে যদিও এতিয়ালৈ এচপৰা ইটাও   ৰাস্তাটোত পৰা নাই  ।
      আনহাতে উল্লেখযোগ্য  কথাটো হ'ল বানপানীয়ে  মেনেহা নৈৰ ওপৰৰ দলং খনৰ দুয়ো পৰাৰ মাটিবোৰ  খহাই নিয়াৰ ফলত ৰাইজে যাতায়ত কৰিবলৈ যতনাত ভুগিব লগা হৈছে । সেয়ে ভুক্তভোগী ৰাইজে অতিষ্ঠ হৈ প্ৰতিবাদ কৰিবলৈ উলাই আহিছে ।
 বিধান সভাত মজিয়াত সৰৱ ভূমিকা লোৱা বিধায়ক মহোদয় দূৰ্নীতিৰ ক্ষেত্ৰত নিমাত কিয় এই প্ৰশ্ন সমষ্টি বাসী ৰাইজৰ । লগতে ভুক্তভোগী ৰাইজে বিধায়ক মহোদয়লৈ কাতৰ অনুৰোধ জনাই যে  ৰাইজৰ যাতায়াতৰ সুবিধার্থে পথচোৱা অতি সোনকালে নিৰ্মাণ সম্পূর্ণ কৰাৰ ব্যবস্থা কৰি দিব লাগে।

Category
Profile picture for user UB Photos