বিষাক্ত সুৰাপান কৰি পঞ্জাৱত ৩৬মৃত্যু 

বিষাক্ত সুৰাপান কৰি পঞ্জাৱত ৩৬মৃত্যু 

      কৰ'ণা কেন্দ্ৰীক পৰিবেশৰ সৈতে যুঁজি থকাৰ মাজতে পঞ্জাৱত সংঘটিত হ'ল এক লোমহৰ্ষক ট্ৰেজেডী। বিষাক্ত সুৰা সেৱনৰ ফলত প্ৰাণ হেৰুৱালে ৩৬ গৰাকী। পঞ্জাৱৰ ৩ জিলা ক্রমে বাটলা,অমৃতসৰ আৰু তৰুণতাৰণত সংঘটিত হৈছে এই ঘটনা। ঘটনাটোৱে  জোকাৰী গৈছে সমগ্ৰ ৰাজ্যখনত । যাৰ বাবে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে বিষাক্ত সুৰাপানত মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ঘোষনা কৰিছে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ।

      তদন্ত দায়িত্ব অৰ্পণ কৰিছে পঞ্জাৱৰ আবকাৰী বিভাগৰ যুটীয়া আয়ুক্ত, সংশ্লিষ্ট জিলা তিনিখনৰ আৰক্ষী অধীক্ষকত্ৰয় আৰু জলন্ধৰৰ মাণ্ডলিক আয়ুক্তক।আনহাতে সুৰাপানত মৃত্যু হোৱা ৫ জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ পূৰ্বেই পৰিয়ালৰ লোকে সৎকাৰ কৰে। আনহাতে পঞ্জাৱ আৰক্ষীৰ উপ-মহাপৰিৰ্দশক দীনকৰ গুপ্তাই প্ৰকাশ কৰা মতে যোৱা ২৯জুলাইৰ নিশা ৰাজ্যখনৰ টাংগো আৰু মুছল গাঁৱত বিষাক্ত সুৰাপান কৰি ৫ জন লোকৰ মৃত্যু হোৱা ঘটনা প্ৰথমে পোহৰলৈ আহিছিল।তাৰ পিছত আন জিলা কেইখনত বাকী কেইজন মৃত্যু মুখত পৰে।

       ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক আটক কৰিছে। একেদৰে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে ৰাজ্যখনত সংগোপনে চলি থকা ভেজাল সুৰা প্ৰস্তুতকৰণ ঘাটি সমূহ চিনাক্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে আৰক্ষী আৰু আবকাৰী  বিভাগক।

Category
Profile picture for user UB Photos