চীনৰ বিৰুদ্ধে অৰ্থনৈতিক যুঁজ/ আমদানীকৃত ৰঙীন টিভিৰ ওপৰতো নিষেধাজ্ঞা

চীনৰ পৰা আমদানীকৃত ৰঙীন টিভিৰ ওপৰতো বলবৎ কৰে নিষেধাজ্ঞা

     পূব লাডাখৰ গালৱান উপত্যকাত চীনৰ আগ্ৰহী ভূমিকাৰ পিছৰে পৰা দেশখনৰ সৈতে ভাৰতৰ সম্পক ঘটে অধিক অৱনতি ।যাৰ ফলত ভাৰতে চীনৰ বিৰুদ্ধে আৰম্ভ কৰে অৰ্থনৈতিক যুঁজ । যাৰ বাবে শেহতীয়াকৈ চিন্তিত হৈ পৰিছে বেইজিং।

       ইতিমধ্যে ভাৰতে চীনৰ ১০৬ টাকৈ চীনা এপ্ নিষিদ্ধ কৰাৰ লগতে শেহতীয়াকৈ চীনৰ পৰা আমদানীকৃত ৰঙীন টিভিৰ ওপৰতো বলবৎ কৰে নিষেধাজ্ঞা। ভাৰতে ইটোৰ পিছত সিটো চীনা সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাত তীব্ৰ প্ৰতিক্রিয়া প্ৰকাশ কৰিছে ভাৰতস্হ চীনা ৰাষ্ট্ৰদূত ছুন ৱেইডঙে।

     তেওঁ কয় যে ভাৰতৰ শেহতীয়া অৰ্থনৈতিক যুঁজে কাৰ্যত:দুয়োখন দেশৰে বানিজ্যিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰাৰ লগতে সন্মুখীন হ'ব ব্যাপক লোকচানৰ। ইনস্টিটিউট চাইনিজ ষ্টাডিজে ভাৰত-চীন সন্দৰ্ভত আয়োজন কৰা এখন চেমিনাৰত অংশ লৈ ৰাষ্ট্ৰদূত গৰাকীয়ে আৰু কয় যে কুটনৈতিক মৰ্তাদশৰ বাবে  দুয়ো দেশৰ ব্যৱধান বৃদ্ধি পালেও অৰ্থনৈতিক বাধানুৰূপ কৰিব নালাগে । দুয়ো দেশে এক বন্ধুত্বপূৰ্ণ সহযোগিতা হলে ভাল।

     অন্যৰ্থাই অৰ্থনৈতিক ক্ষেত্ৰত দুয়ো দেশে সন্মুখীন বহু লোকচানৰ।সেয়েহে ভাৰতে ধাৰাবাহিক ভাৱে চীনা সামগ্ৰীৰ ওপৰত  আৰোপ কৰা নিষেধাজ্ঞা পুণৰ বিবেচনা কৰিব লাগে বুলি মন্তব্য কৰে চীনৰ কুটনীতিক জনে।

Category
Profile picture for user UB Photos