বোকাখাত ভয়ংকৰ অগ্নিকাণ্ড। অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ সমীপত সংঘটি হয় এই অগ্নিকাণ্ডৰ ঘটনা।
এই ইমানে ভয়ংকৰ আছিল যে নিমিষতে জুই বিয়পি পৰে আৰু জুইৰ শিখাই ফটকাৰ গুদামৰ লগতে কাষৰীয়া কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত কৰে।
অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে ফটকাৰ গুদামত থকা ফটকাবোৰ বিকট শব্দৰে ফুটবলৈ ধৰে আৰু ইয়াৰ সমান্তৰালকৈ প্ৰতিষ্ঠানসমূহত থকা কেইবাটাও গেছ চিলিণ্ডাৰ বিস্ফোৰিত হয়। শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটে।
আনহাতে, ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয়। লগতে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপন কৰিবলৈ আপ্রাণ চেষ্টা আৰু জৰুৰী তৎপৰতা চলায়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ আৰু ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও লাখ লাখ টকাৰ সম্পত্তি ভস্মীভূত হোৱাৰ আশংকা কৰিছে।
- Log in to post comments