কাজিৰঙা ইক’ ছেনছিটিভ জ’নৰ প্ৰসংগ লৈ কংগ্ৰেছৰ প্ৰতিবাদ

congress protest

কাজিৰঙা ইক’ ছেনছিটিভ জ’নৰ প্ৰসংগ লৈ ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত আছে।

আজি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নিৰ্দেশ মৰ্মে শিৱসাগৰ জিলা কংগ্ৰেছৰ কাৰ্য্যলয়ত এক বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

বন্যপ্ৰাণীক ৰক্ষা কৰক, কাজিৰঙাৰ বচাওক প্ৰকৃতি বচাওক, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে প্ৰতিবাদ উত্তাল কৰি তুলে।

আজিৰ এই কাৰ্য্যসূচীত শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি অজয় গগৈয়ে কয় চৰকাৰে কাজিৰঙাৰ বিৰুদ্ধে যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ লৈছে সেই সিদ্ধান্ত কোনো কাৰণতেই সহ্য কৰা নহব।

Category