নেপালত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

helicopter crash

পুনৰ হেলিকপ্টাৰ দুৰ্ঘটনা। পূব নেপালত অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত এখন হেলিকপ্টাৰ। 

ঘটনাৰ বিৱৰণী অনুসৰি, এয়াৰ ডাইনেষ্টীৰ এখন হেলিকপ্টাৰ পূব নেপালৰ খোটাং জিলাৰ এখন পথাৰত অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয়।

জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনে মৃতদেহ এটা কাঠমাণ্ডুৰ পৰা লৈ আহিছিল।

প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে।পুৱা প্ৰায় ১১:৫১ বজাত ৯এন-এএছকিউ নামৰ পঞ্জীয়ন কৰা হেলিকপ্টাৰখনে ৫জন যাত্ৰীসহ উৰা মাৰিছিল 

দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত থকা এজন যাত্ৰী আহত হয়। পাইলটৰ লগতে অন্যান্য যাত্ৰীসকলৰ এই ঘটনাত কোনো ক্ষতি হোৱা নাই। 
 

Category