ভাৰতীয় জনতা পাৰ্টিত যোগদান প্ৰদ্যুৎ বৰদলৈৰ। আজি মুখ্যমন্ত্ৰীৰ দিল্লীৰ আবাসত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে।
মঙলবাৰে দলৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি কংগ্ৰছ ত্যাগ কৰে নগাঁৱৰ সাংসদ তথা কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে।প্ৰদ্যুৎ বৰদলৈ দলত্যাগৰ পিছতে বিস্ফোৰণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ।
কংগ্ৰেছ নেতৃত্বলৈ বিশেষ আহ্বান জনাই মীৰা বৰঠাকুৰে। মীৰা বৰঠাকুৰে কয়, ‘‘এতিয়াও দল সলনি কৰাৰ সম্ভাৱনা থকা নেতাৰ ছবি সম্বলিত বেনাৰ মোক নিদিব। প্ৰয়োজনত এনে নেতাৰ ফটো নলগাব। কংগ্ৰেছৰ চাৰ্জশ্বীট তৈয়াৰ কৰা মানুহজন বিজেপিত গ’ল।’’
মীৰা বৰঠাকুৰে লগতে কয় যে ‘‘ডেৰবছৰ পূৰ্বে গৌৰৱ গগৈক কৈছিলো এইসকল নেতাক ৰিলিজ কৰাৰ প্ৰয়োজন আছে।’’। মীৰা বৰঠাকুৰে কয় ‘‘এজন ল’ৰাৰ জোৰণ লৈ আন এজন ল’ৰাৰ লগত পলায় যোৱা আৰু প্ৰদ্যুৎ বৰদলৈ দলত্যাগ একে কথা। মাৰ্ঘেৰিটা, নগাও বাসীক ঘাটমাউৰা কৰা নেতা বৰদলৈ। দিছপুৰবাসী কেতিয়াও আদৰি নলয় প্ৰদ্যুৎ বৰদলৈক।’’
- Log in to post comments