মানকাচৰত আশা ছুপাৰভাইজাৰক স্মাৰ্ট মোবাইল বিতৰণ

news

আজি দক্ষিণ শালমাৰা–মানকাচৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত মানকাচৰ সমষ্টিৰ ২০ গৰাকী আশা ছুপাৰভাইজাৰক স্মাৰ্ট মোবাইল বিতৰণ কৰা হয়।

আশা ছুপাৰভাইজাৰসকলক আধুনিক স্বাস্থ্যসেৱা ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যে স্মাৰ্ট ম’বাইল ফোনসমূহ প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে, হাটশিঙিমাৰী জিলা আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত মোবাইল বিতৰণ অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে বিধায়ক আমিনুল ইছলাম উপস্থিত থকাৰ লগতে স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাস আৰু জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জয় চৌধুৰীসহ স্বাস্থ্য বিভাগৰ বিষয়া সকল উপস্থিত থাকে।

Category