প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এক উচ্চ-প্ৰোফাইল দুদিনীয়া অসম ভ্ৰমণত অংশ ল’ব। এই ভ্ৰমণৰ জৰিয়তে তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ, পৰিৱেশ-সঁচেতনতা আৰু অৰ্থনৈতিক বিকাশক আগবঢ়োৱাৰ লক্ষ্যৰে এক বৃহৎ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে কেইবাটাও ৰূপান্তৰকাৰী আন্তঃগাঁথনি প্ৰকল্পৰ শুভাৰম্ভ কৰিব।
১৭ জানুৱাৰীৰ সন্ধিয়া প্ৰায় ৬ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটী সৰুসজাইস্থিত ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাঙ্গণত আয়োজন কৰা ভৱ্য বড়ো সাংস্কৃতিক অনুষ্ঠান “বাগুৰুম্বা দ্বৌ ২০২৬”ত অংশ ল’ব। এই অনুষ্ঠানত বড়ো সম্প্ৰদায়ৰ ১০,০০০তকৈও অধিক শিল্পীয়ে একেলগে বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব। অসমৰে ২৩খন জিলাৰ ৮১খন বিধানসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰা এই ঐতিহাসিক সমন্বিত নৃত্য প্ৰদৰ্শনে বড়ো সংস্কৃতিক ৰাষ্ট্ৰীয় মঞ্চত উজাগৰ কৰিব।
প্ৰকৃতিৰ সৈতে গভীৰভাৱে সংযুক্ত বাগুৰুম্বা নৃত্য সাধাৰণতে বড়ো যুৱতীসকলে পুৰুষ বাদ্যশিল্পীৰ সংগতে প্ৰদৰ্শন কৰে। ফুল, চৰাই, প্ৰজাপতি আৰু পাতৰ গতিবিধিৰে অনুপ্ৰাণিত এই নৃত্যই মানুহ আৰু প্ৰকৃতিৰ মাজৰ সমন্বয় প্ৰতিফলিত কৰে। শান্তি, উৰ্ব্বৰতা আৰু আনন্দৰ প্ৰতীক হিচাপে পৰিচিত বাগুৰুম্বা বড়োসকলৰ মুখ্য উৎসৱ যেনে বিসাগু (বড়ো নৱবৰ্ষ) আৰু দোমাচিৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।
১৮ জানুৱাৰীৰ পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ ভূমি পূজন কৰিব। এই প্ৰকল্পটো NH-715ৰ কলিয়াবৰ-নুমলীগড় অংশত চাৰিলেন উন্নীত কৰাৰ এক মুখ্য উদ্যোগ, যাৰ মুঠ বিনিয়োগ ৬,৯৫০ কোটি টকাৰো অধিক।
মুঠ ৮৬ কিলোমিটাৰ দীঘলীয়া এই প্ৰকল্পত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ৩৫ কিলোমিটাৰ দীঘল এলিভেটেড বন্যপ্ৰাণী কৰিডৰ, ২১ কিলোমিটাৰ বাইপাছ আৰু বৰ্তমানৰ দু’লেন পথৰ ৩০ কিলোমিটাৰ অংশ চাৰিলেনলৈ প্ৰসাৰণ অন্তৰ্ভুক্ত আছে। পৰিৱেশ সুৰক্ষাক গুৰুত্ব দি ৰূপায়িত এই কৰিডৰে বন্যপ্ৰাণীৰ নিৰাপদ চলাচল নিশ্চিত কৰাৰ লগতে মানুহ-বন্যপ্ৰাণী সংঘাত হ্ৰাস, পথ সুৰক্ষা বৃদ্ধি আৰু যাত্ৰাৰ সময় কমাব বুলি আশা কৰা হৈছে।
এই কৰিডৰটো নগাঁও, কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ মাজেৰে যাব আৰু ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি ওপৰ অসমলৈ সংযোগ শক্তিশালী কৰিব। যখলাবন্ধা আৰু বোকাখাটত নিৰ্মাণ হ’বলগীয়া নিৰ্দিষ্ট বাইপাছসমূহে যানজঁট কমাই নগৰীয়া যাতায়াত অধিক সুলভ কৰিব।
এই ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে দুটা নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰো শুভাৰম্ভ কৰিব গুৱাহাটী কামাখ্যা ৰোহতক এক্সপ্ৰেছ আৰু ডিব্ৰুগড়-লক্ষ্ণৌ গোমতী নগৰ এক্সপ্ৰেছ। এই ৰে’ল সেৱাসমূহে উত্তৰ-পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজত দূৰৱৰ্তী ৰে’ল সংযোগ উন্নত কৰাৰ লক্ষ্যৰে অধিক নিৰাপদ, দ্ৰুত আৰু আৰামদায়ক যাত্ৰা সুবিধা প্ৰদান কৰিব।
- Log in to post comments