
হেলিকপ্টাৰত তেল ভৰাবলৈ পইচা নাই হাগ্ৰামাৰ। ৰাইজৰ পৰা পইচা বিচাৰিলে হাগ্ৰামাই। পুনৰ BTR ত হাগ্ৰামাই চৰকাৰ গঠন কৰাৰ পাছত ৰাইজৰ পৰা লোৱা টকা ঘূৰাই দিব।।মাটি বিক্ৰি কৰা ২২কোটি টকাৰ অলপহে পইচা হাতত আছে হাগ্ৰামাৰ হাতত।
উল্লেখ্য যে, আজি বাক্সা জিলাৰ ২৪নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মেদাঘাটত বিপিএফ দলে এখন ৰাজহুৱা সভাত হাগ্ৰামা মহিলাৰী উপস্থিত থাকে। সভাত উপস্থিত থাকি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এইবাৰ বিটিচিত বিপিএফৰ নেতৃত্বতেই চৰকাৰ হ’ব বুলি ঘোষণা কৰে।
সভাত হাগ্ৰামা মহিলাৰীয়ে কয়, UPPL আৰু BJP নেতাই যদি ভোটৰ বিনিময়ত ধন দিয়ে সেই ধন ৰাইজে বিনাদ্বিধাই লয়।ভোটৰ বিনিময়ত আন দলৰ পৰা ধন লওক কিন্তু ধন ল’লেও ভোট কিন্তু বিপিএফকহে দিবলৈ আহ্বান জনায় বিপিএফৰ মুৰব্বীগৰাকীয়ে।লগতে বিপিএফৰ মুৰব্বীগৰাকীয়ে কয় যে,পৰিৱৰ্তনৰ নামত বিগত পাঁচ বছৰে কেৱল স্পীডব্ৰেকাৰ নিৰ্মান হ’ল বিটিআৰত। প্ৰমোদ বড়োৱে কেৱল স্পীডব্ৰেকাৰ বনাই উন্নয়নৰ কথা কয়। তেনে উন্নয়ন মোৰ সময়ত কৰিব পৰা নাছিলো।
- Log in to post comments