
এখন বিশেষ বিবাহ। সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এই বিয়াখনে। বিয়াখনকলৈ অঞ্চলজুৰি উৎকণ্ঠাই বিৰাজ কৰিছে এখন, দুখন নহয় প্ৰায় ২৫৫ যোৰা দম্পতিৰে সম্পন্ন এই বিবাহ খন। উদুলি-মুদুলি ৰভাতলীৰ মাংগলিক উৰুলিৰ পাছতে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণে পবিত্ৰ কৰিছে তিনিচুকীয়াৰ মাজমজিয়া৷ সাজু হৈছে ২৫৫ যোৰা দৰা-কইনা৷ আয়তিয়েও গাইছে বিয়ানাম৷
এই বিবাহক লৈ চৰ্চিত হৈছে উজনি অসম৷ সাধাৰণতে এখন বিবাহত বহে এহাল দম্পতি, কিন্তু এইখন বিবাহত প্ৰায় ২৫৫ যোৰা দম্পতি বহিছে একেলগে। বৃহস্পতিবাৰে তিনিচুকীয়াৰ ঐতিহাসিক শিৱধাম মন্দিৰৰ চৌহদত সম্পন্ন হয় ২৫৫ যোৰা শুভ বিবাহ।
উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ লোক কল্যাণ সমিতি, জন কল্যাণ সংস্থা, জয়পুৰ আৰু তিনিচুকীয়া জিলা বিবাহ সমিতিৰ উদ্যোগত সামূহিক বিবাহ সংস্কাৰৰ আয়োজন কৰা হয় বিশাল মণ্ডপ সাঁজি তিনিচুকীয়া জিলাখনৰ লগতে কাষৰীয়া দুলীয়াজান, মেয়াও, ডিব্ৰুগড়, যোৰহাটৰ ২৫৫ যোৰা দম্পতি বিবাহপাশত আবদ্ধ হয়।
- Log in to post comments