ঘোষণা হ'ল APSC ২০২৩ৰ ফলাফল! শীৰ্ষৰ ১০ স্থানত ৭গৰাকীকৈ মহিলা স্থান লাভ....

apsc

ইতিমধ্যেই ঘোষণা হ'ল অসম লোকসেৱা আয়োগ ২০২৩ৰ ফলাফল। এইবাৰৰ APSC পৰীক্ষাত উত্তীৰ্ণ হৈছিল ২৩৫জন পৰীক্ষাৰ্থী। 

অসম অসামৰিক সেৱালৈ ৪৫গৰাকীক নিৰ্বাচন, অসম আৰক্ষী সেৱালৈ ৩৫গৰাকীক নিৰ্বাচন, ১৩গৰাকীক AFSলৈ নিৰ্বাচন, ৬গৰাকীক নিৰ্বাচন BDO পদৰ বাবে, ARCSৰ বাবে নিৰ্বাচন ৪গৰাকী প্ৰাৰ্থীক। 

আনহাতে, কৰ অধীক্ষক হিচাপে নিৰ্বাচন এগৰাকীক, আবকাৰী অধীক্ষক হিচাপে নিৰ্বাচন এগৰাকীক, সমবায়ৰ সহকাৰী পঞ্জীয়ক হিচাপে ৪গৰাকীক নিৰ্বাচন, কৰ পৰিদৰ্শক পদৰ বাবে ৪গৰাকীক নিৰ্বাচন, ৪গৰাকীক নিৰ্বাচন শ্ৰম পৰিদৰ্শক পদৰ বাবে, সহকাৰী নিয়োগ বিষয়া পদত এগৰাকী, উপ-পঞ্জীয়কৰ পদত তিনিগৰাকী।
 

উল্লেখ্য যে, শীৰ্ষৰ ১০ স্থানত ৭গৰাকীকৈ মহিলা স্থান লাভ কৰিবলৈ সক্ষম হয়। স্থান লাভ কৰা পৰীক্ষাৰ্থীসমূহ ক্ৰমে - 

ACSৰ শীৰ্ষত চিৰঞ্জীৱ ফুকন
ACSৰ দ্বিতীয় স্থানত এনিশা বুঢ়াগোহাঁই
ACSৰ তৃতীয় স্থানত হিমাদ্ৰীজিতা বৰা
ACSৰ চতুৰ্থ স্থানত মৃগাক্ষী বৰুৱা
ACSৰ পঞ্চম স্থানত টুটুমণি কাকতি
APSৰ শীৰ্ষ স্থানত পাৰ্থপ্ৰতিম শৰ্মা
APSৰ দ্বিতীয় স্থানত অনীশা দুৱৰা
APSৰ তৃতীয় স্থানত বিজয় আহমেদ
APSৰ চতুৰ্থ স্থানত নিলুপ্ত চহৰীয়া
APSৰ পঞ্চম স্থানত সুনয়না সভাপণ্ডিত
ACSত উত্তীৰ্ণ মুঠ ৪৫গৰাকী পৰীক্ষাৰ্থী
APSত উত্তীৰ্ণ ৩৫গৰাকী পৰীক্ষাৰ্থী
AFSত উত্তীৰ্ণ ১৩গৰাকী পৰীক্ষাৰ্থী
BDO পদত উত্তীৰ্ণ ৬গৰাকী পৰীক্ষাৰ্থী
ARCSত উত্তীৰ্ণ ৪গৰাকী পৰীক্ষাৰ্থী

Category