চাৰিওফালে ব্যস্ততা, কিয়নো বিয়ালৈ মাজত এসপ্তাহো নাই। কিন্তু তাৰ মাজতে আহিল এটা বেয়া খবৰ। সকলোকে হতভম্ব কৰিলে এই খবৰটোৱে। অহা ৭ অক্টোবৰত বিয়া, বিয়াৰ নিমন্ত্ৰণ দিবলৈ গুৱাহাটীলৈ আহিছিল ধনমণি। তাতেই যেন শেষ হ'ল সকলো, ভাৱিব নোৱাৰা, বিশ্বাস কৰিব নোৱাৰা এটা খবৰ।
জানিব পৰা মতে, বিয়াৰ ৫ দিন পূৰ্বে মৃত্যু মঙলদৈৰ যুৱক ধনমণি ভট্টৰ। ।যিহেতুকে অহা ৭ অক্টোৱৰত বিয়া, সেই কাৰণে বিবাহ সম্পৰ্কীয় কাম আৰু আত্মীয়ক নিমন্ত্ৰণ কৰিবলৈ মঙলদৈৰ পৰা গুৱাহাটীলৈ বুলি ওলাই আহিছিল মঙলদৈৰ ধনমণি ভট্টই।
কিন্তু কামাখ্যা ৰে’ল ষ্টেচনত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় ধনমণি ভট্টৰ মৃতদেহ।
ধনমনিৰ ঘৰ মঙললদৈৰ নিকতৱৰ্তী গেৰিমাৰীত বুলি জানিব পৰা গৈছে। ঘৰখনৰ জ্যেষ্ঠপুত্ৰ আছিল ধনমণি ভট্ট। ধনমণি ঘৰ আছিল মাতৃ আৰু ভাতৃ।
উল্লেখ্য যে, বুধবাৰে বিবাহ সম্পৰ্কীয় কাম আৰু আত্মীয়ক নিমন্ত্ৰণ দিবলৈ গুৱাহাটী লৈ গৈছিল ধনমনি। কিন্তু হঠাতে আবেলিৰ সময়ত পৰিয়ালৰ লোকে ধনমনিৰ ৰহস্যজনক মৃত্যুৰ খবৰ লাভ কৰে
ধনমণিৰ মৃত্যুৰ খবৰৰ পিছত শোকত ভাগি পৰিছে পৰিয়ালৰ লোক। ঘটনাটো এক ৰহস্যজনক বুলি মন্তব্য কৰিছে।পৰিয়ালৰ লোকে। মৰণোত্তৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত ৰহস্য।
- Log in to post comments