কাইলৈ মহালয়া! এইবাৰ মা দুৰ্গাৰ আগমন কিহত আৰু কিহত গমন হ'ব?

maa durga

কাইলৈ মহালয়া! মহালয়াক লৈ চাৰিও দিশে ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। লগতে কৰ্ম ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰ। লোক বিশ্বাস অনুসৰি মহালয়াত মা দুৰ্গা ধৰালৈ নামি আহে আৰু দশমী তিথি পৰ্যন্ত ধৰাত থাকে। প্ৰত্যেক বছৰে দুৰ্গা দেৱীৰ আগমণ আৰু গমন বেলেগ বেলেগ হয়।

এইবাৰ মা দুৰ্গা কিহত আহিব আৰু কিহত যাব? 

বিভিন্ন পঞ্জিকা মতে, এইবাৰ মা দুৰ্গাৰ আগমণ হৈছে দোলাত আৰু গমন হৈছে ঘোঁৰাত। মা দুৰ্গা ধৰালৈ যেতিয়া দোলাত আহে আৰু ঘোঁৰাত যায় এই দুয়োটাই আমাৰ সমাজ জীৱনৰ বাবে শুভ নহয় বুলি গণ্য কৰা হয়।

বিভিন্ন পণ্ডিত সকলৰ মতে, যেতিয়া দেৱী দোলাত আহে তেতিয়া মহামাৰি হয় বুলি কয়। ধন, জন, মান-সন্মান সকলোবিলাক ক্ষতি হয়। গতিকে মা দোলাত অহাটো ভাল নহয়।

এইবাৰ মা যোৱাটোও ভাল নহয়, কিয়নো। মা যেতিয়া যাব অৰ্থাৎ দশমী তিথিত যাব সেই দিনটো পৰিছে শনিবাৰ। শনিবাৰ যেতিয়াই পৰে তেতিয়া দেৱী ঘোঁৰাত গমন কৰে। যেতিয়া ঘোঁৰাত মা যায় তেতিয়া ছত্ৰভঙ্গ যোগ হয়। ঘোঁৰাবিলাক যেতিয়া যায় খৰকৈ যায় আৰু ওচৰৰ বহুত বস্তু ভাঙি-চিঙি যায়। অৰ্থাৎ এইখিনি সময়ত বহুতো মহামাৰীৰ সৃষ্টি হ’ব পাৰে বা নিজৰ মাজতেই কাজিয়া-পেঁচাল হ’ব পাৰে,‌অস্থিৰতা সৃষ্টি হ’ব পাৰে। 

গতিকে এই সম‌য়খিনি দেৱী অহা আৰু যোৱাটো ভাল নহয় সেইবাবে দেশৰ বাবে কিছু ঋণাত্মক হ’ব। এইখিনি সময়ত সকলোৱে সাৱধানতাৰে থকাটো উচিত হ’ব।


 

Category