নামত জলসিঞ্চন, কামত ধনসিঞ্চন! জলসিঞ্চন বিভাগত কেলেংকাৰীৰ ধুমুহা.....

irrigation

জলসিঞ্চন বিভাগত কেলেংকাৰীৰ ধুমুহা 
অভিযন্তা-ঠিকাদাৰৰ ভয়ংকৰ নেক্সাছ
নামত জলসিঞ্চন, কামত ধনসিঞ্চন 
গোগ্ৰাসে গিলি খালে ১ কোটি ১০ লাখ 
ৰাজ্যৰ মাত্ৰ ১২ শতাংশ কৃষিভূমিতহে আছে জলসিঞ্চনৰ ব্যৱস্থা
চৰকাৰৰ পৰা অনুমোদন হৈছে ৪০০-৫০০ কোটি টকা

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্যত আছে এই ভয়ঙ্কৰ অভিযোগৰ স্পষ্ট প্ৰমান ।বিভাগীয় মন্ত্ৰী - মূখ্য অভিযন্তা,  অভিযন্তা - ঠিকাদাৰৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত ৰাজ্যৰ জলসিঞ্চন বিভাগ। সোণোৱাল চৰকাৰৰ কাৰ্য্যকালৰ সচিবালয়ত জলসিঞ্চন বিভাগত সেই সময়ৰ সচিব কুজেন্দ্ৰ দলেৰ কক্ষত ৩০ লাখ অবৈধ ধন উদ্ধাৰ হোৱা ঘটনাই বিভাগৰ বিৰুদ্ধে উত্থাপিত এশ এটা অভিযোগক ছীল-মোহৰ মাৰি থৈ গৈছে। 

এই ঘটনাই প্ৰমান কৰি থৈ গৈছিল বিভাগত চলি থকা বৃহৎ কমিচনৰ বজাৰৰ সত্যতা। শেহতীয়াকৈ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্য মতে ৰাজ্যৰ মাত্ৰ ১২ শতাংশ কৃষিভূমিতহে আছে জলসিঞ্চনৰ ব্যবস্থা। কিন্তু প্ৰতি বছৰে বিভাগটোত বিভিন্ন শিতানত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা অনুমোদন হৈছে ৪০০ - ৫০০ কোটি টকা। 

Category