গৌৰৱ গগৈৰ অনুৰোধ মৰ্মে অহা অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ’ব যোৰহাট-দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা....

Gaurav Gogoi

অহা অক্টোবৰ মাহৰ পৰা পুনৰ আৰম্ভ হ’ব যোৰহাট-দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা৷ যোৰহাটলৈ দিল্লীৰ পৰা সম্প্ৰতি কোনো পোনপটীয়া বিমান সেৱা নথকাৰ বিষয়টোক লৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে যোৱা ১ জুলাই তাৰিখে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডুক সাক্ষাৎ কৰিছিল।  

gourav gogoi

উক্ত সাক্ষাৎ কালত সাংসদ গৰাকীয়ে মন্ত্ৰী গৰাকীক সোনকালে যোৰহাট-দিল্লীৰ মাজত বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনায়।  লগতে কয় "যোৰহাট-দিল্লীৰ মাজত বিমান সেৱা ফলত এই অঞ্চলৰ ৰাইজৰ দিল্লী ভ্ৰমণৰ নামত অধিক সময় অপব্যয় নহ'ব। বিমানৰ টিকটৰ অত্যাধিক ভাড়া দিবলগীয়া নহয়। শিক্ষাৰ্থী,ৰোগী, ব্যৱসায়ী, পৰ্যটন উদ্যোগৰো যথেষ্ট সকাহ হ'ব।" সেয়েহে মন্ত্ৰী গৰাকীক বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰবলৈ অনুৰোধ জনাইছিল।

jorhat-delhi

উল্লেখ্য যে, সাংসদ গৌৰৱ গগৈৰ পত্ৰৰ সহাৰি দি অসামৰিক পৰিবহন মন্ত্ৰী নাইডু ডাঙৰীয়াই পত্ৰযোগে জনায় যে, অহা অক্টোবৰ মাহৰ পৰা পুনৰ যোৰহাট-দিল্লীৰ মাজত spicejet পোনপতীয়া বিমান সেৱা আৰম্ভ কৰিব পৰা যাব।
 

Category