
মানসিক, শাৰীৰিক আৰু আৱেগিকভাৱে সুস্থ শৰীৰ বজাই ৰাখিবলৈ সকলোকে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন। এদিনত এজন ব্যক্তিক ৭ ৰ পৰা ৮ ঘণ্টা টোপনিৰ প্ৰয়োজন, আৰু যদি টোপনি ভাল নহয় ভাগৰুৱা যেন অনুভৱ হয়। কিন্তু শ্লীপ ফাউণ্ডেচনৰ এক সমীক্ষা মতে, ‘পুৰুষৰ তুলনাত মহিলাক অধিক টোপনিৰ প্ৰয়োজন’।৭ৰ পৰা ৮ ঘণ্টা টোপনিয়েই যথেষ্ট নহয় মহিলাৰ বাবে।
উল্লেখ্য যে, সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতাৰ বাবে মহিলাক প্ৰতি নিশা পুৰুষতকৈ গড়ে প্ৰায় ১১ মিনিট অধিক টোপনিৰ প্ৰয়োজন হয় । শ্লীপ ফাউণ্ডেচনৰ এক সমীক্ষাত প্ৰকাশ এই তথ্য। সমীক্ষা মতে, এগৰাকী নাৰীয়ে জীৱন কালত বিভিন্ন পৰিস্থিতিত হৰমনৰ পৰিৱৰ্তন অনুভৱ কৰে। যাৰ ফলত টোপনিৰ ক্ষেত্ৰতো ব্যাঘাত জন্মে।
যদিহে মহিলা সকলে অধিক সময় টোপনি যাব পাৰে তেন্তে হৃদৰোগৰ সম্ভাৱনা কমি যায়। ছালখনৰো উজ্জ্বল বাঢ়ে। চুলিৰ ঘনত্ব বৃদ্ধি পায়।
আনহাতে, টোপনিৰ অভাৱৰ বাবে মহিলাসকলৰ মাহেকীয়া প্ৰায়ে অনিয়মিত হয়। আকৌ, গৰ্ভাৱস্থাত মহিলাৰ প্ৰায়ে টোপনিৰ সমস্যা হয়।
- Log in to post comments