আপুনিও বাৰু ডালিম খায় বাকলিখিনি পেলাই দিয়ে নেকি? আজি জানো আহক ডালিমৰ বাকলিৰ কিছু গুণাগুণৰ বিষয়ে......

Pomegranate

আমি সকলোৱে ডালিমৰ বীজবোৰ খায়, বাকলিবোৰ জাবৰৰ সৈতে পেলাই দিওঁ। সাধাৰণতে সকলোৱে এইটোৱে কৰে। কিন্তু আপুনি জানেনে যে কেৱল ডালিমৰ গুটিয়েই নহয় ইয়াৰ বাকলি পুষ্টি আৰু স্বাস্থ্য উপকাৰী গুণেৰে ভৰপূৰ। 

গতিকে, আজি জানো আহক ডালিমৰ বাকলিৰ কিছু গুণাগুণৰ বিষয়ে-

আয়ুৰ্ৱেদ শাস্ত্ৰত উল্লেখ্য থকা অনুসৰি, ডালিমৰ গুটিৰ লগতে বাকলিতো প্ৰচুৰ পৰিমাণে পুষ্টিকৰ গুণ আছে। 

ডালিমৰ বাকলিত প্ৰ’টিন, ভিটামিন, কেলচিয়াম আৰু অন্যান্য খনিজ পদাৰ্থ, ফ্লেভন’ইড, টেনিন, পটাছিয়াম, পলিফিনল আৰু অন্যান্য পুষ্টিকৰ উপাদান পোৱা যায়। ইয়াৰ উপৰিও ডালিমৰ বাকলিত এন্টিঅক্সিডেন্ট, এন্টিবেক্টেৰিয়েল আৰু এন্টি-ইনফ্লেমেটৰী গুণ পোৱা যায়, যিয়ে শৰীৰৰ ক্ষতিকাৰক ফ্ৰী ৰেডিকেল ধ্বংস কৰি অক্সিডেটিভ চাপ আৰু প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে।

ডালিমৰ বাকলিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে, হৃদযন্ত্ৰ আৰু পাচনতন্ত্ৰকো ই সুস্থ কৰি ৰখা আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাকে ধৰি বহুতো স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে।

কেনেকৈ কৰিব ব্যৱহাৰ

ডালিমৰ বাকলি শুকুৱাই পিহি তাৰ গুড়ি বনাওক। এই গুড়ি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি। গৰম পানীৰ সৈতে ডালিমৰ বাকলিৰ গুড়ি সেৱন কৰিলে বহু দিশত আমাৰ স্বাস্থ্য উপকৃত হয় যদিও এই গুড়ি মুখৰ লগাবৰ বাবে পেক, চুলিৰ বাবে পেক আৰু দাঁতৰ বাবে পেষ্ট বা টুথপেষ্ট হিচাপেও ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাহিৰেও সতেজ ডালিমৰ বাকলি ভালদৰে ধুই পানীত উতলাই চাহ বনাই সেৱন কৰিলে বহু ধৰণৰ স্বাস্থ্যক বহু ধৰণে উপকাৰিতা প্ৰদান কৰে।

Category