গুৱাহাটীৰ কোন বিধানসভা সমষ্টিত কিমান ভোটত বিজয়ী বিজুলী কলিতা মেধি?....

bijuli

লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ উৎফুল্লিত বিজেপিৰ গুৱাহাটী লোকসভা সমষ্টিৰ কাৰ্যকৰ্তা। কোন বিধানসভা সমষ্টিত কিমান সংখ্যক ভোটত লিড ল'লে, কোনটো বুথত কিমান লিড ল'লে তাৰ হিচাপ চলিছে কাৰ্যকৰ্তাৰ মাজত। ইয়াৰ মাজতে দক্ষিণ কামৰূপৰ বকো, ছয়গাৱত কংগ্ৰেছতকৈ অধিক ভোট লাভ কৰিলে বিজেপিয়ে। 

গুৱাহাটীত বিজুলীৰ বিজয়, বাকপতু মীৰা বৰঠাকুৰক পৰাজিত কৰিলে বিজুলীয়ে। গুৱাহাটীৰ কোন বিধানসভা সমষ্টিত কিমান ভোটত বিজয়ী বিজুলী কলিতা মেধি? 

bijuli

ইতিমধ্যে, ভোটৰ ব্যৱধানৰ সংখ্যাৰ সবিশেষ তথ্য প্ৰকাশ পাইছে। ১০ বিধানসভা সমষ্টিত মোটা অংকৰ ভোট লাভ বিজুলী কলিতা মেধিৰ। চেন্ট্ৰেল গুৱাহাটী সমষ্টিত বিজুলী কলিতা মেধিৰ সৰ্বাধিক ভোট লাভ। চেন্ট্ৰেল গুৱাহাটীত মুঠ ভোটৰ সংখ্যা ৬৮৯৬৭।  যাৰ বাবে বিজয় উৎসৱ পালন হেঙেৰাবাৰীৰ বিজেপি কাৰ্য্যলয়ত।

আনহাতে, বিজেপিৰ দক্ষিণ কামৰূপ জিলাৰ অন্তৰ্গত  বকো-ছয়গাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰতকৈ সৰ্বাধিক ভোট লাভ বিজুলী কলিতা মেধিৰ বকো-ছয়গাঁৱত বিজুলীৰ ভোট ৯৬৯৩৭, মীৰাৰ ভোট ৫৩৫৮৩। বকো-ছয়গাঁৱত আছে কংগ্ৰেছৰ বিধায়ক।

কংগ্ৰেছৰ দুগৰাকী বিধায়কৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে অধিক ভোট লাভ কৰাত আনন্দ দক্ষিণ কামৰূপ বিজেপিত। হিমাংশু প্ৰসাদ বৈশ্য প্ৰভাৰীৰ দায়িত্বত আছিল বকো ছয়গাঁও সমষ্টিত। দক্ষিণ কামৰূপৰ বিজেপি সভাপতি অঞ্জন গোস্বামীৰ নেতৃত্বত সংগঠন সৱল হোৱাৰ দাবী বিজেপিৰ। 

অঞ্জন গোস্বামীৰ দাবী, বকো ছয়গাঁও আহিব বিজেপিৰ দখললৈ। পিছে ২০২৬ তহে এই কথা সচাঁ নে মিছা প্ৰমাণ হ'ব।

Category