দেশত কমিল হিন্দু জনসংখ্যা, ৪৩.১৫ শতাংশ বৃদ্ধি মুছলমান....

muslim

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সমীক্ষা মতে, ১৯৫০-২০১৫ চনৰ ভিতৰত ৭.৮ শতাংশ কমিল হিন্দু জনসংখ্যা। ম্যানমাৰৰ পাছত ভাৰতেই হৈছে সংখ্যাগৰিষ্ঠ হ্ৰাস হোৱা দ্বিতীয়খন দেশ। 

উল্লেখ্য যে, ১৯৫০ চনৰ পৰা ২০১৫ চনৰ ভিতৰত ভাৰতত গৰিষ্ঠ হিন্দু লোকৰ সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে প্ৰতিৱেশী ৰাষ্ট্ৰসমূহত গৰিষ্ঠসংখ্যক ইছলাম ধৰ্মাৱলম্বীসকলৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সমীক্ষা মতে, ভাৰতত হিন্দু জনসংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে দেশত সংখ্যালঘু মুছলমান, খ্ৰীষ্টান, বৌদ্ধ ধৰ্মী আৰু শিখসকলৰ জনসংখ্যা বৃদ্ধি পাইছে।

অৱশ্যে সংখ্যালঘুসকলৰ ভিতৰত জৈন আৰু পাৰ্চিসকলৰ জনসংখ্যা হ্ৰাস পাইছে। ১৯৫০-২০১৫ চনৰ ভিতৰত ভাৰতত মুছলমানসকলৰ জনসংখ্যা ৪৩.১৫ শতাংশ বৃদ্ধি পাইছে। একেদৰে ৫.৩৮ শতাংশ খ্রীষ্টান আৰু ৬.৫৮ শতাংশ শিখ জনসংখ্যা বৃদ্ধি পাইছে। 

পৰিসংখ্যা মতে ১৯৫০ চনত দেশত থকা ৮৪ শতাংশ হিন্দু জনসংখ্যা ২০১৫ চনত ৭৭ শতাংশলৈ হ্রাস পাইছে। একেদৰে এই ৬৫ বছৰৰ সময়ছোৱাত মুছলমানসকলৰ জনসংখ্যা ৯.৮৪ শতাংশৰ পৰা ১৪.০৯ শতাংশলৈ বৃদ্ধি পাইছে। 
উল্লেখযোগ্য যে, ম্যানমাৰত ধৰ্মৰ ভিত্তিত গৰিষ্ঠসকলৰ জনসংখ্যা ১০ শতাংশ হ্রাস পোৱাৰ পাছত ভাৰতেই হৈছে এনে এখন দ্বিতীয় ৰাষ্ট্ৰ, য'ত সংখ্যাগৰিষ্ঠসকলৰ সংখ্যা অভাৱনীয় হাৰত হ্রাস পাইছে। ভাৰতৰ লগতে নেপালতো হিন্দু জনসংখ্যা ৩.৬ শতাংশ হ্রাস পাইছে। চলিত মাহত প্রকাশ পোৱা এই সমীক্ষাটোত বিশ্বৰ ১৬৭খন ৰাষ্ট্ৰৰ জনসংখ্যাৰ তুলনামূলক ব্যাখ্যা আগবঢ়োৱা হৈছে। 

উল্লেখযোগ্য যে ভাৰতত গৰিষ্ঠ জনসংখ্যাৰ অধিকাংশই হৈছে হিন্দু ধৰ্মৰ লোক। বিপৰীতে প্ৰতিৱেশী ৰাষ্ট্ৰসমূহৰ অধিকাংশতে গৰিষ্ঠ জনসংখ্যা হৈছে মুছলমান ধর্মাবলম্বী। সমীক্ষাটোৰ মতে বাংলাদেশত মুছলমান জনসংখ্যা ১৮.৫ শতাংশ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ পাকিস্তানত ৩.৭৫ শতাংশ আৰু আফগানিস্তানত ০.২৯ শতাংশ বৃদ্ধি পাইছে

Category
Profile picture for user UB Photos