নিৰ্বাচনীৰ ৰণডংকাৰ মাজতে EDৰ অভিযান! ২০কোটিৰো অধিক টকাৰ পাহাৰ উদ্ধাৰ, ক'ত উদ্ধাৰ এই টকাখিনি?......

ED

নিৰ্বাচনৰ মাজতে ঝাৰখণ্ডৰ মন্ত্ৰীৰ ভৃত্যৰ ঘৰত টকাৰ পাহাৰ। সোমবাৰে বলবৎকাৰী সঞ্চালকালয়ে ৰাঁচীৰ একাধিক স্থানত অভিযান চলাই ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰী তথা কংগ্ৰেছৰ বিধায়ক আলমগীৰ আলমৰ ব্যক্তিগত সচিবৰ ভৃত্যৰ ঘৰৰ পৰা বিপুল পৰিমাণৰ ‘অহিচাপহীন’ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

ed

উল্লেখ্য যে, উদ্ধাৰ কৰা টকাৰ পৰিমাণ ২০ কোটিৰো অধিক বুলি জানিব পৰা গৈছে। ইতিমধ্যেই ধনখিনি গণনা কৰিবলৈ সাজু কৰি তোলা হৈছে কেইবাটাও মেচিন। মানী লণ্ডাৰিং গোচৰক লৈ EDয়ে চলাইছিল অভিযান।

পিটিআইৰ সৈতে হোৱা কথা-বতৰাত আলমে কয় যে "এই সন্দৰ্ভত এতিয়ালৈকে মোৰ হাতত কোনো আনুষ্ঠানিক তথ্য নাই।" আলম (৭০), কংগ্ৰেছ নেতা আৰু ঝাৰখণ্ড বিধানসভাত পাকুৰ আসনক প্ৰতিনিধিত্ব কৰে

ইয়াৰ পূৰ্বে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত সংস্থাটোৱে ঝাৰখণ্ড গ্ৰামোন্নয়ন বিভাগৰ মুখ্য অভিযন্তা বীৰেন্দ্ৰ কে ৰামক চৰকাৰী কিছুমান আঁচনি ৰূপায়ণৰ অভিযোগত অনিয়মৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

Category
Profile picture for user UB Photos