বিভ্ৰান্তিকৰ বিজ্ঞাপন দি বিপদত ‘পতঞ্জলি’! যোগগুৰু ৰামদেৱৰ বিৰুদ্ধে চমন জাৰি উচ্চতম ন্যায়ালয়ৰ......

baba

বিভ্ৰান্তিকৰ বিজ্ঞাপন দি বিপদত ‘পতঞ্জলি’। উচ্চতম ন্যায়ালয়ৰ অৱমাননাৰ জাননী দিয়াৰ পিছতো মৌনতা অৱলম্বন কৰাত যোগগুৰু ৰামদেৱক চমন জাৰি কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিমা কোহলী আৰু এহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে ৰামদেৱৰ লগতে পতঞ্জলিৰ পৰিচালন সঞ্চালক আচাৰ্য বালকৃষ্ণকো আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহত আদালতে ‘পতঞ্জলি’ক তীব্ৰ ভর্ৎসনা কৰিছিল। পতঞ্জলিৰ সামগ্ৰী সন্দৰ্ভত আদালতত দাখিল কৰা তথ্য আৰু তেওঁলোকৰ সামগ্ৰীৰ ঔষধি কাৰ্যকাৰিতা সম্পৰ্কে দিয়া বক্তব্যৰ বাবে তীব্ৰ ভর্ৎসনা কৰা হৈছিল।

যোৱা ২৭ ফেব্ৰুৱাৰীত ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে এই নিৰ্দেশ দিছিল। বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে ‘পতঞ্জলি’ৰ বিৰুদ্ধে আই এম এয়ে গোচৰ তৰিছিল। 

লগতে, আদালতে কয় যে, পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে ‘পতঞ্জলি’ আয়ুৰ্বেদে কোনো সামগ্ৰীৰ বিজ্ঞাপন দিব নোৱাৰিব। বজাৰত বিক্ৰী হোৱা কোনো ঔষধৰ বিৰুদ্ধে ‘পতঞ্জলি’য়ে কোনো মন্তব্য দিব নোৱাৰে বুলিও জনোৱা হয়।

আদালতে জাৰি কৰা জাননীখনত ৰামদেৱ আৰু বালকৃষ্ণ দুয়োজনেই ঔষধ আৰু নিৰাময় আইনৰ ৩ আৰু ৪ নং ধাৰা উলংঘা কৰা বুলি উল্লেখ কৰিছে, য’ত ঔষধৰ বিষয়ে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ ব্যৱস্থাৱলী আছে।

আদালতে জানিব বিচাৰিছে যে পতঞ্জলিৰ সহ-প্ৰতিষ্ঠাপক ৰামদেৱৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ব। ‘পতঞ্জলি’ৰ হৈ আদালতত যুক্তি দিছিল মুকুল ৰোহাটগীয়ে। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে ৰামদেৱক কিয় টানি অনা হৈছে। ইয়াৰ উত্তৰত আদালতে কয় যে প্ৰথমে তেওঁ আদালতত হাজিৰ হ’ব লাগিব। ইয়াৰ পিছত বাকী কথা দেখা যাব।

Category
Profile picture for user UB Photos