৩১ জানুৱাৰী দিনা যিকোনো সময়ত গ্ৰেপ্তাৰ হ'ব পাৰে ভূপেন বৰা!..........

bhupen bora

ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পিছতে কংগ্ৰেছ দলত অথন্তৰ। এজনৰ পিছত সিজনকৈ নেতাৰ দলত্যাগত কোঙা হৈ পৰিছে কংগ্ৰেছ দলটো। ইয়াৰ মাজতে আন এক বিপদ আহিছে ভূপেন বৰালৈ।

কাইলৈ গ্ৰেপ্তাৰ হ’ব পাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। দলীয় সভাপতি হিচাপে এতিয়া যেন বিপদে লগ এৰা নাই APCCৰ সভাপতি ভূপেন বৰাৰ। 

উল্লেখ্য যে, যোৰহাট আৰক্ষীয়ে চমন জাৰি কৰিলে ভূপেন কুমাৰ বৰাক। সেয়েহে বুধবাৰে যোৰহাট আৰক্ষী থানাত হাজিৰ হ’ব লাগিব ভূপেন বৰা। ৬০ দিনৰ বাবে ৰঙা ঘৰৰ আলহী হ’ব পাৰে কংগ্ৰেছ সভাপতি ভূপেন বৰা।

ভূপেন বৰাৰ বিৰুদ্ধে ৮টাকৈ ধাৰাত গোচৰ ৰুজু হৈ আছে। IPC 120(B), 115(II), 143,147, 188, 283, 323, 353 আৰু PDPP আইনত গোচৰ ৰুজু। ৰাজহুৱা সম্পত্তি ধ্বংসৰ অভিযোগ APCCৰ সভাপতিগৰাকীৰ বিৰুদ্ধে। 

কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ সময়ত যোৰহাটত ভুল দিশেৰে গতি কৰিছিল কংগ্ৰেছ। যাৰ ফলত যোৰহাটত সৃষ্টি হৈছিল ভয়ংকৰ পৰিস্থিতিৰ।

Category
Profile picture for user UB Photos